Breaking News

পাক সেনাৰ এখন হেলিকপ্তাৰ সন্ধানহীন



পাক সেনাৰ এখন হেলিকপ্তাৰ সন্ধানহীন হৈ পৰিছে। হেলিকপ্তাৰ খন দুৰ্ঘটনাত পতিত হৈছে নে কোনোৱাই অপহৰণ কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। হেলিকপ্তাৰ খন নিৰুদ্দেশ হোৱাৰ কথা প্ৰকাশ কৰিছে পাকিস্তানৰ আন্তঃ-সেৱা জনসম্পৰ্কৰক্ষী বিভাগে । 

হেলিকপ্টাৰ খনে দ্বাদশ কৰ্পৰ কমাণ্ডাৰ জেনেৰেল চাৰফৰাজ আলী আৰু বেলুচিস্তানত চলি থকা বান সাহায্য অভিযানত তদাৰক কৰি থকা আন পাঁচজন জ্যেষ্ঠ সামৰিক বিষয়াক কঢ়িয়াই লৈ গৈছিল। জানিব পৰা মতে  বেলুচিস্তানৰ লাচবেলাত বান সাহায্য অভিযানত থকা সময়তে পাকিস্তান সেনাৰ হেলিকপ্টাৰ খনৰ সৈতে হঠাৎ  নিয়ন্ত্ৰণ কক্ষৰ সংযোগ নোহোৱা হৈ পৰে। হেলিকপ্তাৰ খনত   কমাণ্ডাৰসহ ছয়জন ব্যক্তি আছিল । 

ইফালে হেলিকপ্তাৰ খনৰ সন্ধানৰ বাবে অভিযান আৰম্ভ কৰা কৰিছে পাক সেনাই। 

উল্লেখ্য যে বেলুচিস্তানত ২৯ খন জিলা বানত ক্ষতিগ্ৰস্ত  হৈছে।

No comments