Breaking News

বোকাজানৰ ডিলাইত আৰক্ষীৰ তালাচীত বৃহৎ সাফল্য

 






 


ৰণজিৎ বৰা, বোকাজানঃ বোকাজানৰ ডিলাইত আৰক্ষীৰ তালাচীত বৃহৎ সাফল্য ৷ ইটোৰ পিছত সিটোকৈ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানত সফলতা লাভ কৰা কাৰ্বি  আংলং আৰক্ষীয়ে আজি পুনৰ লাভ কৰে আন এক বৃহৎ সফলতা ৷আজি এক বিশেষ সুত্ৰৰ আধাৰত বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত ডিলাই আৰক্ষী আৰু চিআৰপিএফৰ দলে ডিলাই তিনিআলিত চলোৱা তালাচীত উদ্ধাৰ হয় হেৰইন,কানি আৰু স্ফটিক(ক্ৰিষ্টেল) ৰ দৰে নিষিদ্ধ আৰু নিচাজাতীয় সামগ্ৰী ৷ আৰক্ষীৰ সুত্ৰ অনুসৰি আজি পুৱা মণিপুৰ আৰু নগালেণ্ডৰ দিশৰ পৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা এচ.কে.০৩ পি ১১৪৩ নম্বৰৰ এখন বলেৰ' গাড়ী তালাচী চলাওতেই ওলাই পৰে উক্ত নিষিদ্ধ সামগ্ৰী সমূহ ৷ আৰক্ষীয়ে উদ্ধাৰ কৰা সামগ্ৰী সমূহৰ ভিতৰত উল্লেখনীয় হল তিনিশ আঠত্ৰিশ গ্ৰাম হেৰইনৰ পেকেট য’ত লিখা আছিল ব্ৰেণ্ডৰ নাম 'DOUBLE UO GLOBE' আৰু চাইনীছ ভাষাত লিখা আছিল ১০০শতাংশ বিশুদ্ধ ৷ আৰক্ষীয়ে জনোৱা মতে এই ব্ৰেণ্ডৰ হেৰইন ড্ৰাগছ আৰু উগ্ৰপন্থীৰ ৰম্যভূমি সোণালী ত্ৰিভুজত বিখ্যাত ৷ এই হেৰইনখিনি গাড়ীখনৰ ভিতৰৰ গ্লভ বাকছত ভৰাই আনিছিল ৷ ইপিনে গীয়েৰ বক্সত সোমোৱাই অনা এক কেজি আফিং আৰু দুই কেজি ক্ৰিষ্টেলো উদ্ধাৰ কৰে অভিযানকাৰী আৰক্ষীয়ে ৷আৰক্ষীয়ে গাড়ীখনত অহা তিনি সৰৱৰাহকাৰীক আটক কৰিছে ৷ ধৃত অপৰাধী কেইটা হল মণিপুৰ ইম্ফলৰ ৰাজেশ লাকান্দ্ৰি,কুমাৰ গাজিমাৰ আৰু সেনাপতি জিলাৰ টাংগামু মেৰিয়নমাই ৷উল্লেখনীয় যে গাড়ীখনত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকীকৰণ ,ছিকিম চৰকাৰৰ নামফলক লগোৱা আছিল ৷ আৰক্ষীয়ে ধাৰণা কৰা মতে জব্দ কৰা নিষিদ্ধ সামগ্ৰীসমূহ শিলিগুৰিলৈ নিছিল ৷

No comments