Breaking News

গোলাঘাটত চাঞ্চল্যকৰ ঘটনা,জিম ইনষ্টাক্টৰক পিষ্টল দেখুৱাই প্ৰহাৰ।

 


গোলাঘাটত চাঞ্চল্যকৰ ঘটনা। কুকুৰৰ পোৱালি দিম বুলি লৈ গৈ চিনেমাৰ কায়দাৰে মাৰধৰ কৰি জখম কৰিলে এজন যুৱকক।হাতত বন্দুক দেখুওৱাই এই বিষয়ত আৰক্ষীৰ কাষ চাপিলে অধিক আক্ৰমণাত্মক হোৱাৰ ভাবুকি আক্ৰমণকাৰীৰ!ঘটনা অনুসৰি গোলাঘাটৰ জিমখানা নামৰ জিমৰ ইনষ্টাক্টৰ সুমিত চন্দক জিমৰে সদস্য মহচিন হুচেইনে এটা কুকুৰৰ পোৱালি দিম বুলি মাতি নি বেয়াকৈ মাৰধৰ কৰে। 

কাৰণ জিমৰ ইনষ্ট্ৰাকৰ হিচাপে মহচিনৰ বিৰুদ্ধে জিমৰ আন সদস্যই কৰা অভিযোগ স্বত্বাধিকাৰক অৱগত কৰিছিল কুকুৰপ্ৰিয় সুমিতে।ইয়াতে ক্ষুণ্ণ হৈ গুণ্ডা প্ৰকৃতিৰ মহচিনে কৌশলী কায়দাৰে মাতি নি সুমিতৰ ওপৰত নিৰ্মমভাৱে শাৰীৰিক অত্যাচাৰ চলায়। হাতত বন্দুক লৈ ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ নাচাপিবলৈও ভাবুকি প্ৰদান কৰে। 

আৰক্ষীৰ কাষ চাপিলে সুমিতৰ পৰিয়ালৰ লোককো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ব বুলিও ভাবুকি দিয়ে।আনকি সুমিতৰ ঘৰৰ লোকক মহচিনে ফোনযোগেও ভাবুকি প্ৰদান কৰাত ভীতিগ্ৰস্ত হৈ পৰিছে পৰিয়ালটো।ঘটনা সন্দৰ্ভত সুমিতে গোলাঘাট সদৰ থানাত অভিযোগ দাখিল কৰিছে যদিও দানৱৰূপী মহচিনৰ সম্ভেদ উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী।উল্লেখ্য যে যোৱা ১৮ আগষ্টৰ দিনটোত সংঘটিত হৈছিল ঘটনাটো।

No comments