Breaking News

অসম্ভৱক সম্ভৱ কৰিলে শিৱসাগৰৰ ৰূপক ভূঞাই জন্মান্ধৰ দ্বাৰা চিনেমা কৰাই আজুৰি আনিলে আন্তৰ্জাতিক সন্মান

 


 অসম্ভৱক সম্ভৱ কৰিলে শিৱসাগৰৰ ৰূপক ভূঞাই জন্মান্ধৰ দ্বাৰা চিনেমা কৰাই আজুৰি আনিলে আন্তৰ্জাতিক সন্মান

 জন্মান্ধ এদল লৰা ছোৱালীক অভিনেতা অভিনেত্ৰী হিচাপে লৈ এখন চিনেমা প্ৰস্তুত কৰাটো আমাৰ বাবে ভাবিব নোৱাৰা কথা | কিন্তু সেই অসম্ভৱ কামটোকে সম্ভৱ কৰিছে মোৰ শৈশৱৰ বন্ধু ৰূপক মানে শিৱসাগৰৰ ৰূপক ভূঞাই | ৰূপকে জন্মান্ধ ২৮ গৰাকী অভিনেতা অভিনেত্ৰীক লৈ প্ৰস্তুত কৰিলে "অন্য এক পৃথিৱী" নামৰ এখন ছুটি চিনেমা | গৌৰৱৰ কথা যে, চিনেমাখনে ইতিমধ্যে চেন্নাইত আনুস্থিত হোৱা গৌতমবুদ্ধ ইন্টাৰনেশ্যনেল ফ্লীম ফেছটিভেলত শ্ৰেষ্ঠ ছুটি ছবিৰ সন্মান লাভ কৰিছে | নকলেওঁ হয়, জন্মান্ধ সকলক চিনেমাত অভিনয় কৰাই অসমৰ এজন যুৱকে আন্তৰ্জাতিক পৰ্যায়ত শ্ৰেষ্ঠত্বৰ সন্মান পাবলৈ সক্ষম হোৱাটো বাতৰিৰ দৃষ্টিকোণৰ পৰা অসমৰ বাবে এইটো এটা অতি ডাঙৰ খবৰ | চিনেমাখনে শ্ৰেষ্ঠ  ছুটি  চিনেমাৰ সন্মান পোৱাৰ পিছত এটা সৰু পৰ্টেলত ৰূপকৰ এটা সাক্ষাৎকাৰ প্ৰকাশ পাইছে | সাক্ষাৎকাৰটো চাই  মই অভিভূত হলো | ইচ্ছাৰ বলতযে সকলো কাম কৰা সম্ভৱ ৰূপকে সেই কথা প্ৰমাণ কৰি দিলে | ৰূপকৰ কামৰ প্ৰতি সন্মাই জনাই সেই সাক্ষাৎকাৰটো আগ বঢ়াইছো | মই আশা কৰিছো এই খবৰটো ব্যাপক প্ৰচাৰ কৰি ৰূপক ভূঞাৰ লগতে চিনেমা খনৰ সকলো কলা-কুশলীৰ কামৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰা উচিৎ |

No comments