Breaking News

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ডাঃ পি উদয় প্ৰবীণৰ গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ 



২০১৬ চনৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ডাঃ পি উদয় প্ৰবীণে আজি গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে তেওঁ ওদালগুৰি জিলাৰ উপায়ুক্ত আৰু বি টি চিৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । দায়িত্ব গ্ৰহণ কৰিয়েই নৱনিযুক্ত উপায়ুক্তগৰাকীয়ে তেওঁক আদৰণি জনোৱাৰ বাবে আৰু বিদায়ী উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাক বিদায় জনাবলৈ উপায়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত আয়োজন কৰা এখন সভাত অংশগ্ৰহণ কৰে । নৱনিযুক্ত উপায়ুক্তগৰাকীক এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয় । আনহাতে বিদায়ী উপায়ুক্তগৰাকীকো ফুলাম গামোচা, শৰাই আৰু উপহাৰেৰে বিদায় সম্ভাষণ জনোৱা হয় । জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশ লৈ বিদায়ী উপায়ুক্তগৰাকীয়ে কয় যে গোলাঘাট জিলাখনৰ প্ৰতি এটা বিশেষ আকৰ্ষণ আৰু ইয়াৰ ৰাইজৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা তেওঁৰ সদায় থাকিব । তেওঁ যি বিভাগত থাকিলেও গোলাঘাটৰ বাবে ভৱিষ্যতে নিজৰ সাধ্যানুসাৰে কাম কৰিব বুলি শ্ৰীবৰুৱাই মন্তব্য কৰে । তেওঁ কয় যে চৰকাৰী কাৰ্যালয়সমূহত অতি সোনকালেই কাগজৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নোহোৱা হ'ব । সেয়েহে বিষয়া-কৰ্মচাৰীসকলক এই নতুন ব্যৱস্থাৰ সৈতে আগবাঢ়িব পৰাকৈ নিজকে যোগ্য কৰি তুলিবলৈ তেওঁ আহ্বান জনায় । তেওঁ গোলাঘাটৰ উপায়ুক্ত হিচাপে প্ৰায় ১৩ মহীয়া কাৰ্যকাল সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা বিষয়া-কৰ্মচাৰী আৰু ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । আনহাতে নৱনিযুক্ত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে কয় যে সকলোৰে সহায় সহযোগিতাতহে গোলাঘাট জিলাখনৰ সমস্যাৰাজীৰ আশু সমাধানসূত্ৰ উলিওৱাৰ লগতে উন্নয়নমূলক কাম-কাজসমূহৰ সফল ৰূপায়ন সম্ভৱ হ'ব । এইক্ষেত্ৰত তেওঁ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী আৰু গোলাঘাট জিলাবাসী ৰাইজৰ সহযোগিতা কামনা কৰে । সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, অতিৰিক্ত উপায়ুক্ত শ্ৰীযুতা পল্লৱী গগৈ, শ্ৰীযুতা চুলতানা আখটাৰা আহমেদ, শ্ৰী কুলদীপ হাজৰিকা, ডঃ সংগীতা বৰঠাকুৰ, চক্ৰ বিষয়াসকল আৰু জিলা প্ৰশাসনৰ আন বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল । 

No comments