Breaking News

গৃহমন্ত্ৰী অমিত শ্বাহৰ সঞ্চালনাত জ্ম্মু-কাশ্মীৰ নিৰাপত্তা পৰিস্থিতি মূল্যায়ন সম্পৰ্কে উচ্চ-পৰ্যায়ৰ বৈঠক



কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সঞ্চালনাত বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লা, জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহা, সেনা প্ৰধান মনোজ পাণ্ডে, জম্মু-কাশ্মীৰ মনোজ সিনহা আৰু গৱেষণা আৰু বিশ্লেষণ শাখাৰ মুৰব্বী সমন্ত গোৱেলৰ উপস্থিতিত গৃহ মন্ত্ৰালয়ত বিয়লি প্ৰায় ৩ বজাত বৈঠক আৰম্ভ হয়।

উক্ত বৈঠকত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) সঞ্চালক প্ৰধান কুলদিপ সিং, সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) মুৰব্বী পংকজ সিং আৰু ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এনআইএ) সঞ্চালক প্ৰধান দিনকৰ গুপ্তাইও অংশগ্ৰহণ কৰে।

No comments