Breaking News

ৰেস্কিউ ফাউণ্ডেশ্যনৰ আশাপ্ৰদ পদক্ষেপ

 


ৰেস্কিউ ফাউণ্ডেশ্যনৰ আশাপ্ৰদ পদক্ষেপ । নিচাসক্ত লোকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে গোলাঘাটৰ এটা NGO ই । ৰেস্কিউ ফাওণ্ডেশ্যন নামৰ NGO টোয়ে 

ড্ৰাগচৰ দৰে ভয়াৱহ নিচাযুক্ত দ্ৰব্যৰ কৰাল গ্ৰাসৰ পৰা যুৱক-যুৱতীসকলক ৰক্ষা কৰিবৰ বাবে লৈ আহিছে বিশেষ পদক্ষেপ । ৰেস্কিউ ফাউণ্ডেশ্যনে  আধাৰসত্ৰৰ বহুমুখী প্ৰকল্পত এটা নিচা মুক্তি কেন্দ্ৰ স্থাপন কৰি প্ৰায় ৩৫ জন যুৱকক  চিকিৎসা কৰি স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা চলাইছে ।এই NGO টোৱে ড্ৰাগছ, সুৰা তথা আন আন ৰাগিয়াল দ্ৰব‌্য আসক্ত সকলক চিকিৎসা প্ৰদান কৰাৰ লগতে বিভিন্ন মানসিক ৰোগাক্ৰান্ত লোকক চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে । ৰেস্কিও ফাওণ্ডেচনৰ এই প্ৰচেষ্টাই নিচাসক্ত বহু লোকৰ পৰিয়াললৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে । 24 ঘণ্টাই নিচাসক্ত লোকসকলৰ সেৱাৰ বাবে উৎসৰ্গিত নিচাসক্ত লোকৰ পৰিয়ালে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব । ফোন নম্বৰ :-7086147062 , 60009 04648, 6000966177, 93949 38991

No comments