Breaking News

কাৰ্বি-আংলঙৰ শিলনীজানত ভয়ংকৰ পথ দুৰ্ঘটনা।

 


কাৰ্বি-আংলঙৰ শিলনীজানত ভয়ংকৰ পথ দুৰ্ঘটনা। শিলনীজানৰ দিলাংছ’ত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।  নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় শ্ৰমিক কঢ়িয়াই অনা এখন বাছ। বোকাজানৰ পৰা চাহ শ্ৰমিকক কঢ়িয়াই অনা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰি পথৰ দাঁতিৰ পুখুৰীত বাগৰি পৰে। বাছখনত কমেও ৪৫ জন যাত্ৰী আছিল। উক্ত শিহৰণকাৰী ঘটনাত ৩৫ জন লোক আহত হয়। ইয়াৰে কেইবাজনো যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত সকলক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ইয়াৰে কেইবাজনকো উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিতেললৈ প্ৰেৰণ কৰা হৈছে।

No comments