Breaking News

গোলাঘাটত লোক কল্যাণ দিৱসত মন্ত্ৰী অজন্তা নেওগ

 


গোলাঘাট, ৫ আগষ্ট : গোপীনাথ বৰদলৈয়ে অতি কম সময়ৰ ভিতৰতে ৰাজনৈতিক বিচক্ষণতা আৰু পৰিপক্কতা প্ৰদৰ্শন কৰিছিল। গোলাঘাটত লোক কল্যাণ দিৱসত মন্ত্ৰী অজন্তা নেওগ। ৰাজ্যৰ কৰ্মচাৰীসকলক সততা, নিষ্ঠা, কৰ্মদক্ষতা আৰু সমৰ্পিত মনোভাবেৰে কাম কৰিবলৈ আহ্বান। ৰাজ্যৰ কৰ্মচাৰীসকলক সততা, নিষ্ঠা, কৰ্মদক্ষতা আৰু সমৰ্পিত মনোভাবেৰে কাম কৰিবলৈ আহ্বান।গোলাঘাট জিলাৰ ৫ গৰাকী কৰ্মচাৰীলৈ লোক সেৱা পুৰস্কাৰ ।গোলাঘাটতো আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস লোক কল্যাণ দিৱস হিচাপে পালন কৰা হয় । এই উপলক্ষে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু কল্যান মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰে । অনুষ্ঠানত দিয়া ভাষণত তেওঁ আজিৰ পৱিত্ৰ দিনটোত স্বাধীনতা সংগ্ৰামী তথা স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈক শ্ৰদ্ধাৰে স্মৰণ কৰে ।  নিজৰ কৰ্মদক্ষতাৰে গোপীনাথ বৰদলৈয়ে অতি কম সময়ৰ ভিতৰতে ৰাজনৈতিক বিচক্ষণতা আৰু পৰিপক্কতা প্ৰদৰ্শন কৰিছিল বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে তেখেতৰ কৰ্মৰাজী আৰু অৱদানক জীয়াই ৰখাৰ বাবে অসম চৰকাৰে এই দিৱস পালনৰ সিদ্ধান্ত লৈছে । আনহাতে কৰ্মচাৰীসকলৰ কৰ্মদক্ষতা বৃদ্ধি পালেহে উন্নয়নী প্ৰক্ৰিয়াটো খৰতকীয়া হ'ব বুলি উল্লেখ কৰি তেওঁ ৰাজ্যৰ কৰ্মচাৰীসকলক সততা, নিষ্ঠা, কৰ্মদক্ষতা আৰু সমৰ্পিত মনোভাবেৰে কাম কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে ২ অক্টোবৰৰ ভিতৰত চৰকাৰে ফাইলৰ বোজা নোহোৱা কৰি অসম সচিবালয়ক সম্পূৰ্ণ ডিজিটাইজ কৰাৰ বাবে মিছন সদ্ভাৱনা আৰম্ভ কৰিছিল । একেদৰে উপায়ুক্তৰ কাৰ্যালয়সমূহো ডিজিটাইজ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি তেওঁ কয় । মিছন বসুন্ধৰা, মিছন ভূমিপুত্ৰ, পেঞ্চন সেৱা কেন্দ্ৰ আদিৰ কথা উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে ৰাজ্যৰ প্ৰতিজন লোকে যাতে সহজে আৰু কোনো অসুবিধা নোহোৱাকৈ সেৱাসমূহ লাভ কৰিব পাৰে তাৰ বাবে প্ৰয়াস চলাইছে । মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ শীৰ্ষৰ ৫ খন ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে গঢ় দিব বিচাৰিছে । এই লক্ষ্যত উপনীত হ'বলৈ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী আৰু ৰাইজে নিজৰ অৱদান আগবঢ়াব লাগিব বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত আদৰণি ভাষণ দি উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই লোকপ্ৰিয় গোপীনাথ বৰদলৈক স্মৰণ কৰি কয় যে স্বাধীনতাৰ পিছত কেৱল তিনিটা বছৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিয়েই তেওঁ নিজৰ ৰাজনৈতিক দূৰদৰ্শীতাৰে অসমৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল । তেওঁ কয় যে নেতাগৰাকীৰ কৰ্মদক্ষতাক স্মৰণ কৰিয়েই অসম চৰকাৰে কৰ্মচাৰীসকলে অধিক নিষ্ঠা আৰু উদ্যমেৰে যাতে কাম কৰি যাব পাৰে তাৰ বাবে আজিৰ এই পৱিত্ৰ দিনটোত লোক সেৱা পুৰস্কাৰ প্ৰদান আৰম্ভ কৰিছে । তেওঁ গোলাঘাট জিলাৰ পুৰস্কাৰ প্ৰাপকসকলক অভিনন্দন জ্ঞাপন কৰে ।অনুষ্ঠানত পুৰস্কাৰ প্ৰাপকসকলে নিজৰ নিজৰ অভিজ্ঞতা আৰু অনুভৱ ব্যক্ত কৰে । অনুষ্ঠানৰ আৰম্ভণিতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্জলন আৰু পুষ্পাঞ্জলী অৰ্পন কৰা হয় । অনুষ্ঠানত প্ৰবীণ শিল্পী মঞ্চ, গোলাঘাটৰ শিল্পীসকলে এটি দেশভক্তিমূলক গীত পৰিৱেশন কৰে । আজিৰ অনুষ্ঠানতে গোলাঘাট জিলাৰ লোক সেৱা পুৰস্কাৰ, ২০২২ লাভ কৰা ৫ গৰাকী কৰ্মচাৰীক পুৰস্কাৰ প্ৰদান কৰা হয় । তেওঁলোক হ'ল স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, গোলাঘাটৰ কাৰ্যালয়ৰ হেল্থ এডুকেটৰ সুনীল পূজাৰী, ছাৰ্ভেলেঞ্চ ৱৰ্কাৰ প্ৰণৱ কুমাৰ হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট শাখাৰ কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ৰ মুখ্য সহকাৰী মহম্মদ ৰফিকুদ্দিন আহমেদ, ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী ডিম্বেশ্বৰ শইকীয়া আৰু গোলাঘাট উপায়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী ৰিপুন দত্ত ।  আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, জ্যেষ্ঠ নাগৰিক, মুক্তিযোদ্ধাৰ পৰিয়ালৰ লোক আৰু ভালেসংখ্যক ৰাইজ উপস্থিত আছিল । 

No comments