Breaking News

এইবাৰ আজাদী কা অমৃত মহোৎসৱত সৈনিকসকলক প্ৰদান কৰা হ'ব এই বিশেষ পদক,



ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষপূৰ্তি তথা ‘আজাদী কা অমৃত মহোত্‍সৱ’উপলক্ষ্যে দেশে নৱনিৰ্মিত বিশেষ মেডেল (স্মাৰক পদক) প্ৰদান কৰিব। উল্লেখযোগ্য যে, প্ৰতি ২৫ বছৰৰ অন্তত এনে বিশেষ মেডেল ভাৰতৰ সেনা জোৱানসকল আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানসকলক প্ৰদান কৰা হয়। ১৯৯৭ চনৰ ১৫ আগষ্ট ত ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৫০তম বৰ্ষপূৰ্তি উদযাপনত শেষৰবাৰৰ বাবে এনে মেডেল আগবঢ়োৱা হৈছিল। জানিব পৰা মতে, এই বিশেষ ধৰণৰ মেডেলৰ সন্মুখৰ ফালে সম্ৰাট অশোকৰ চিহ্ন আৰু পাছৰ ফালে অশোকচক্ৰ মুদ্ৰন থাকিব। কেন্দ্ৰীয় চৰকাৰৰ প্ৰমুখ্য অভিযান ‘আজাদী কা অমৃত মহোত্‍সৱ’ সমাৰোহৰ সময়ত এই মেডেল প্ৰদান কৰা হ’ব।


No comments