Breaking News

দুই যুৱকৰ অসম অৰুণাচল ৰ সমন্বয় চাইকেল যাত্রা



কল্যানী বুঢ়াগোহাই, লক্ষীমপুৰ:  অসম সাহিত্য সভাৰ  সভাপতি পদৰ প্ৰাৰ্থী  বিশিষ্ট সাহিত্যিক তথা পদ্মশ্ৰী য়েছে দৰজে ঠংছিৰ সমৰ্থনত  সজাগতা  সৃষ্টি ৰ উদ্দেশ্যে আজিৰে পৰাঅৰুনাচলৰ  পূৱ চিয়াং জিলা পাছিঘাটৰ পৰা অসমৰ ধেমাজি, লখিমপুৰ হৈ  অৰুণাচল লৈ চাইকেল যাত্ৰা   কৰিছে আবিদ আজাদ আৰু জামান নামৰ    যুৱক দুজনে৷ অসম আৰু অৰুনাচলৰ সম্প্ৰীতি  অধিক মজবুত কৰা আৰু অৰুনাচলৰ  য়েছে দৰজে  ঠংছিক  অসম সাহিত্য সভাৰ সভাপতি অধিষ্ঠিত কৰিবলৈ ৰাইজৰ দৃষ্টি আৰ্কষণ কৰিবলৈ এই চাইকেল যাত্রা কৰা যুৱক দুজনে বিনা প্রতিদ্বন্দ্বিতাৰে ঠংছিক বিজয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় । ঠংছি অসম সাহিত্য সভাৰ সভাপতি হলে দুয়ো ৰাজ্য ৰ সম্প্ৰীতি সুদৃঢ় হোৱাৰ লগতে দুয়ো ৰাজ্য ৰ সীমান্ত ৰ বাসিন্দা ৰ মাজত  চলি থকা সংঘাত বহু পৰিমাণে শাম কাটিব বুলিও তেওলোকে আশা প্রকাশ কৰে। 

 আজি দুপৰীয়া চাইকেল যাত্ৰা কৰি লখিমপুৰ ত উপস্থিত হোৱা যুৱকদ্বয়ক নগৰৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৰ চেকগেটত শতাব্দ নামৰ ডিজিটেল কাকত গোষ্ঠী, মাছ আদিকে ধৰি বিভিন্ন সংগঠন তথা অনুষ্ঠানৰ তৰফৰ পৰা আদৰণি জনোৱা হয়।

No comments