Breaking News

৬৩১ কোটি টকা ব্যয়েৰে ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰীয়ে কৰিব গোলাঘাট চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন


 গোলাঘাটত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন

৬৩১ কোটি টকা ব্যয়েৰে ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰীয়ে কৰিব গোলাঘাট চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন : কেশৱ মহন্ত

 গোলাঘাট জিলাৰ ঐতিহাসিক ধোদৰ আলিৰ পুনৰ নিৰ্মাণৰ বাবে ২৯২ কোটি টকা অনুমোদন

গোলাঘাট, ১৬ আগষ্ট : গোলাঘাটতো ১৫ আগষ্টত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয় । এই উপলক্ষে জিলা সদৰ গোলাঘাটৰ সমন্বয় পথাৰত আয়োজিত কাৰ্যসূচীত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, তথ্য-প্ৰযুক্তি ইত্যাদি বিভাগৰ মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই ত্ৰিৰংগ পতাকা উত্তোলন কৰে । তেওঁ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে । অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰথমেই দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ বিসৰ্জন দিয়া ৰাজ্যখনৰ আৰু গোলাঘাট জিলাৰ বীৰ শ্বহীদসকলৰ লগতে মুক্তিযুঁজাৰু সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে । মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত বৰ্তমানৰ চৰকাৰখনে ৰাজ্যৰ লগতে গোলাঘাট জিলাত বিভিন্ন বিভাগৰ যোগেদি ৰূপায়ন কৰা উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে । 

তেওঁ কয় যে বসুন্ধৰা আঁচনিৰ জৰিয়তে প্ৰায় ৯ লাখ লোকৰ মাটি-বাৰীৰ সমস্যা অনলাইনযোগে সমাধান কৰা হৈছে । পৰিৱৰ্তন হৈছেনে নাই সেয়া মানুহে এতিয়া নিজেই উপলব্ধি কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে কাৰ্যালয়সমূহ সম্পূৰ্ণৰূপে কাগজৰ ব্যৱহাৰমুক্ত হোৱাৰ দিশে আগবাঢ়িছে । তেওঁ লগতে কয় যে জাতিগত প্ৰমাণপত্ৰ আৰু ট্ৰেড লাইচেন্স আদিও এতিয়া ঘৰতে বহি লাভ কৰিব । আনহাতে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰতিজন ছাত্ৰ-ছাত্ৰীক বানপানীত উটি যোৱা কিতাপ-পত্ৰ ক্ৰয় কৰিবলৈ ১০০০টকাকৈ আগবঢ়াইছে বুলি তেওঁ উল্লেখ কৰে । চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধেও শূণ্য সহনশীলতাৰ নীতি গ্ৰহন কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে এখন যুঁজ অব্যাহত ৰাখিছে । আনহাতে ২৯২ কোটি টকা ব্যয়েৰে অসম মালা আঁচনিৰ অধীনত গোলাঘাট জিলাৰ ঐতিহাসিক ধোদৰ আলীৰ পুনৰ নিৰ্মাণৰ লগতে দেৰগাঁৱৰ পৰা ৰঙাজানলৈ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ উন্নীতকৰণৰ বাবে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে । তেওঁ কয় যে ৰাজ্যখনৰ স্বাস্থ্য ক্ষেত্ৰত উল্লেখনীয় উন্নয়ন সাধন হৈছে । ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত এইবাৰ পাঠদান আৰম্ভ হ'ব আৰু ইয়াকে লৈ ৰাজ্যখনত  ৯ খন পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয় হ'ব বুলি তেওঁ কয় । অহাবছৰ পাঠদান আৰম্ভ কৰিব পৰাকৈ নগাঁও, নলবাৰী আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে আবেদন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে ইয়াৰ বাবে অনুমতি লাভ কৰিলে এবছৰৰ ভিতৰত ৰাজ্যখনত মুঠ পাঠদান হোৱা চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১২ খনলৈ বৃদ্ধি পাব । তেওঁ কয় যে তিনিচুকীয়া, বিশ্বনাথ, চৰাইদেউ, কামৰূপ মহানগৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবেও কাম পূৰ্ণোদ্যমে চলি আছে। যোৱা বাজেটত নিৰ্ধাৰণ কৰা তামুলপুৰ, মৰিগাঁও, ধেমাজি, গোলাঘাট আৰু বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ বাবে নিবিদাকে ধৰি প্ৰয়োজনীয় প্ৰাৰম্ভিক কামখিনি সম্পূৰ্ণ হৈছে । তেওঁ কয় যে গোলাঘাটত অহা মাহত ৬৩১ কোটি টকা ব্যয়েৰে মুখ্যমন্ত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব আৰু দুই-তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি তেওঁ কয় । সৰুপথাৰত অসামৰিক চিকিৎসালয়, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত থকা বৰ্তমানৰ ব্লাড বেংকটোক 'ৰক্তৰ উপাদান পৃথকীকৰণ গোট' (ব্লাড ক'ম্প'নেণ্ট ছেপাৰেচন ইউনিট)ৰ পৰ্যায়লৈ উন্নীতকৰণৰ বাবে অনুমোদন, ৯০ টা উপ স্বাস্থ্য কেন্দ্ৰক হেলথ এণ্ড ৱেলনেছ চেণ্টাৰলৈ উন্নীতকৰণ আদি স্বাস্থ্য খণ্ডৰ উল্লেখনীয় অগ্ৰগতি বুলি তেওঁ উল্লেখ কৰে ।  তেওঁ কয় যে অটল অমৃত অভিযান আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ৰাজ্যখনৰ প্ৰায় ৫৭ লাখ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক বিনামূলীয়া চিকিৎসাৰ বাবে ৫ লাখ টকাৰ একোখন কাৰ্ড প্ৰদানৰ পৰিকল্পনা কৰা হৈছে ।

আনহাতে সৰুপথাৰ সমষ্টিত বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ বাবে অনুমোদন প্ৰক্ৰিয়া অব্যাহত আছে । লগতে সৰুপথাৰত বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ বাবে ১০ কোটি টকা অনুমোদন জনোৱা হৈছে। তেওঁ কয় যে প্ৰতিটো সমষ্টিত অৰুণোদয় আঁচনিৰ অধীনত ৫ ৰ পৰা ৬ লাখ হিতাধিকাৰী বৃদ্ধি কৰাৰ পৰিকল্পনা কৰাৰ লগতে কৃষকসকলৰ পৰা উচিত মূল্যত উৎপাদিত সামগ্ৰী ক্ৰয় কৰি ধান ক্ৰয় ব্যৱস্থাৰ জৰিয়তে কৃষি খণ্ডত পৰিৱৰ্তন সাধন কৰা হৈছে । মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক গছপুলি ৰোপণ কাৰ্যসূচীৰ অধীনত পৰিৱেশ সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । তেওঁ কয় যে দেৰগাঁৱত সৈনিক স্কুল স্থাপনৰ বাবে প্ৰস্তাৱ লোৱা হৈছে । গোলাঘাট জিলাৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ অসম-নগালেণ্ডকে ধৰি অসমৰ সৈতে থকা বিভিন্ন ৰাজ্যৰ সীমা সমস্যাৰ সমাধানৰ বাবে আলোচনা প্ৰক্ৰিয়া অব্যাহত হৈছে । তেওঁ কয় যে সৰুপথাৰত লাভলিনা বক্সিং একাডেমী স্থাপনৰ বাবে কাম আগবাঢ়িছে । চাহ বাগিচাত ১০০ খন হাইস্কুল স্থাপন, চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি, চাহ বাগিছাৰ ৭৫ টা স্থানত ৭৫ খন ৰংগমঞ্চ স্থাপন আদি সিদ্ধান্তৰে চাহ জনগোষ্ঠীয় লোকসকলক বিশেষ মৰ্যাদা প্ৰদান কৰিছে বুলি তেওঁ উল্লেখ কৰে ।


মন্ত্ৰীগৰাকীয়ে জিলাখনৰ তথা ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু গঠনমূলক দিহা-পৰামৰ্শ কামনা কৰে । কাৰ্যসূচীত আৰক্ষী, চি আৰ পি এফ, গৃহৰক্ষী বাহিনীৰ জোৱান, এন চি চি আৰু স্কাউট গাইডৰ কেডেটসকলে কুচকাৱাজ প্ৰদৰ্শন কৰে । অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰে । ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা আৰু আৰক্ষী অধীক্ষক সুমিত শৰ্মাৰ উপস্থিতিত জাতিৰ পিতা মহাত্মা গান্ধী, শ্বহীদ কুশল কোঁৱৰ আৰু শ্বহীদৰ স্মৃতি সৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়, জিলা কাৰাগাৰ আৰু গোলাঘাট নগৰৰ দুখন বৃদ্ধাশ্ৰমত প্ৰশাসনৰ বিষয়াই গৈ ফল-মূল আদি বিতৰণ কৰে । বিয়লি জিলা প্ৰশাসন আৰু গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয় ।

No comments