Breaking News

কৰ্দৈগুৰি বৰনামঘৰৰ শুভ সমৰ্পণ সমাৰোহৰ সফল সামৰণি

 



কৰ্দৈগুৰি বৰনামঘৰৰ শুভ সমৰ্পণ সমাৰোহৰ সফল সামৰণি

কৰ্দ্দৈগুৰি বৰনামঘৰৰ গুৰু আসন, দ্বাৰ উদঘাটন সমাপনৰ উদ্দেশ্যে হোৱা শ্ৰৱণ কীৰ্তন সেৱা সমৰ্পণ অনুষ্ঠানটি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।  ১৯৩৫ চনতে প্ৰতিষ্ঠা লাভ কৰা নামঘৰভাগ পুনৰ নিৰ্মাণ কাৰ্য সমাপন হোৱাত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানৰ। বৰপথাৰৰ বিশিষ্ট ব্যৱসায়ী অমৃত বুঢ়াগোহাঁইৰ আৰ্থ-সাহাৰ্যৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা নৱনিৰ্মিত বৰনামঘৰভাগৰ দুৱাৰ মুকলি কৰে ভোগদা বুঢ়াগোহাঁই আৰু পৰিয়ালবৰ্গই। ইয়াৰ পিছতেই আসন প্ৰতিষ্ঠা কৰে শ্ৰীশ্ৰী আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে। উক্ত কাৰ্যসূচীৰ লগত সংগতি বিভিন্ন কাৰ্যসূচীৰ লগতে শোভাযাত্ৰা বাহিৰ কৰা হয়। ইয়াৰ পিছতেই স্মৃতিগ্ৰন্থ উন্মোচন, ধৰ্মীয়া আলোচনা চক্ৰ অনুষ্ঠিত হয়। শিক্ষাবিদ নৰেন চুতীয়াৰ সঞ্চালনাত বৰ্তমান সময়ত নামঘৰৰ প্ৰাসংগিকতা আৰু ৰীতি-নীতি শীৰ্ষৰ বিষয়ৰ ওপৰত হোৱা আলোচনা চক্ৰখনিত নিৰ্দিষ্টবক্তাৰূপে উপস্থিত থাকে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ড০ অৰুণ বৰঠাকুৰ।   উদযাপন সমিতিৰ সভাপতি বিপুল চন্দ্ৰ সন্দিকৈয়ে আদৰণি ভাষণ প্ৰদান কৰা আলোচনাচক্ৰখনিত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ড০ অলক বুঢ়াগোহাঁই, ড০ কমলজ্যোতি গগৈ আদিৰ লগতে হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ বন্তিৰাণী গগৈ ফুকন, কমাৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিজুলি চেতিয়া, অধিবক্তা লাচিত বৰচেতীয়া, পৰিৱেশকৰ্মী তথা প্ৰবীণ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী, গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আদি।অনুষ্ঠানৰ মাজতে অমৃত বুঢ়াগোহাঁইক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে বৰনামঘৰবভাগি নিৰ্মাণ কৰা ভাস্কৰ্যশিল্পী বিজু কুমাৰ দাসৰ লগতে নিৰ্মাণ কাৰ্যত প্ৰতিজনকে সম্বৰ্ধনা জনোৱা হয়।

No comments