Breaking News

ব্যতিক্ৰমীৰূপত স্বাধীনতা দিৱস পালন কৰিলে ৰটাৰী ক্লাৱ গোলাঘাটে

 



দেশে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যত তিনিদিনীয়াকৈ পালন কৰিলে আজাদী কী অমৃত মহোৎসৱ। ৭৬ সংখ্যক স্বাধীনতা দিৱসটি চৰকাৰী-বেচৰকাৰী প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে উলহ-মালহেৰে উদযাপন কৰা পৰিলক্ষিত হয়। ৰটাৰী ক্লাৱ গোলাঘাটেও ব্যতিক্ৰমী ধৰণেৰে উদযাপন কৰে দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। ৰটাৰী ক্লাৱে সোমবাৰে গোলাঘাট নগৰৰ দুখনকৈ বৃদ্ধাশ্ৰমত উপস্থিত হৈ খাদ্য সামগ্ৰীকে ধৰি অন্যান্য যাৱতীয় সামগ্ৰী বিতৰণ কৰে। ক্লাৱৰ বিষয়ববীয়াসকলে প্ৰথমে নগৰখনৰ বেঙেনাখোৱাস্থিত ‘আমাৰ ঘৰ’ বৃদ্ধাশ্ৰমত উপস্থিত যাৱতীয়া সা-সামগ্ৰী বিতৰণ কৰাৰ পিছত নগৰখনৰ আন এখন বৃদ্ধাশ্ৰম ‘শান্তি আলয়’ত উপস্থিত হৈ অনুৰূপ ধৰণে খাদ্য-সামগ্ৰী বিতৰণ কৰে। ইয়াৰ পিচতেই বিয়লিভাগত গোলাঘাটৰ প্ৰবীণ সাংবাদিক তথা ধনশিৰি সাপ্তাহিক কাকতৰ স্বত্বাধিকাৰ অপূৰ্ব কুমাৰ বৰুৱাৰ বাসগৃহত উপস্থিত হৈ বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। 

উক্ত কাৰ্যসূচীত ৰটাৰী ক্লাৱ গোলাঘাটৰ সভাপতি অমৃত কুমাৰ হাজৰিকা, সম্পাদক ড০ মিনোৱাৰা বেগম, ক্লাৱৰ চাৰ্টাৰ সভাপতি পূৰ্ণানন্দ বৰুৱাৰ উপৰিও ক্লাৱৰ অন্যান্য বিষয়ববীয়াক্ৰমে ড০ লুকুমণি গোস্বামী, প্ৰবীণ কুমাৰ বাগাৰীয়া, ইন্দিৰা গগৈ, সীমাৰেখা নাথ, চৈয়দ চাদিকুৰ ৰহমান, অশোক নৌকা, বিকাশ জালান, অনন্যা গোস্বামী, অৰ্চনা বৰা, বুলি গগৈ, ৰেমশ গুপ্তা, পলাশ সন্দিকৈ আদি উপস্থিত থাকে ।

No comments