Breaking News

সোণাৰিত বৃদ্ধ দম্পতিৰ ধন আত্মসাৎ ।

 


মৃত্যুঞ্জয় দাস, সোণাৰিঃসোণাৰিত বৃদ্ধ দম্পতিৰ ধন আত্মসাৎ । অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল।অভিযোগ খণ্ডন অভিযুক্তৰ।সোণাৰিৰ নাফুক চাহ বাগিচাৰ এগৰাকী অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ একাউণ্টৰ পৰা ধন আত্মসাৎ কৰা ঘটনা এটি পোহৰলৈ আহিছে। জানিব পৰা মতে, সোণাৰিৰ নাফুক গাঁও নিবাসী তথা নাফুক চাহ বাগিচাত চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ লোৱা চুনা বাউৰী নামৰ লোকজনে তেওঁৰ নামকটাৰ ধন জমা কৰিবলৈ সোণাৰি শাখা এছ বি আইত এটা একাউণ্ট খুলিছিল। উক্ত একাউন্টত লোকজনৰ মবাইল ফোন নথকাৰ বাবে সোণাৰিৰ সোনাপুৰত ভাড়াতীয়া হিচাপে থকা চিনাকি যুৱক জনৈক দীপাংকৰ বৰাৰ কথামতে বৰাৰ মবাইল নম্বৰ দি লোকজনে একাউণ্টৰ ধন উত্তোলন কৰি আহে। পৰৱৰ্তীকালত ইয়াৰ সুযোগ লৈ দীপাংকৰ বৰাই গুগল পেৰ যোগে একাউণ্টটোত অৱসৰপ্ৰাপ্ত শ্ৰমিক গৰাকীৰ জমাথকা ধনৰ তিনিলাখ টকা গোপনে উত্তোলন কৰি লয়। এইবিষয়ে জানিব পাৰি আৰক্ষীৰ কাষচপা লোকজনৰ সৈতে সাক্ষীৰ উপস্থিতিত এক লিখিত চুক্তি কৰি দীপাংকৰ বৰাই সমুদায় ধন ঘূৰাই দিয়া প্ৰতিশ্ৰুতি দিয়াৰ লগতে বন্ধক হিচাপে তেওঁৰ লাখটকীয়া মটৰ চাইকেল এখন আৰু মাটি বাৰীৰ কিছু কাগজ জমা দিয়ে।  কিন্তু পাছলৈ চুক্তি পত্ৰৰ অন্যতম সাক্ষী নামতোলা অঞ্চলৰ লক্ষন গোৱালা নামৰ যুৱক গৰাকীয়ে অৱসৰপ্ৰাপ্ত শ্ৰমিক গৰাকীৰ হাতত এখন চেক দি মটৰ চাইকেলখন নিজৰ জিন্মালৈ নিয়াৰ পাছতে সংশ্লিষ্ট চেক পাতখিলা লৈ এদিন উধাও হোৱাৰ পাছতে আজি পৰ্যন্ত তেওঁৰে কোনো যোগাযোগ কৰিব নোৱাৰাত আজি ভূক্তভোগী লোকজনৰ হৈ তেওঁৰ পুত্ৰ ৰাজ বাউৰীয়ে লক্ষন গোৱালা নামৰ অভিযুক্ত যুৱক গৰাকীৰ বিৰুদ্ধে সোণাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আনহাতে ঘটনাটোৰ অভিযুক্ত লক্ষণ গোৱালাই তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ খণ্ডন কৰি তেওঁ বৃদ্ধা জনৰ ধন আত্মহাত কৰা ঘনানাৰ সৈতে জড়িত নহয় বুলি স্পষ্ট কৰি দিছে।  আৰক্ষীয়ে এই বিষয়ত সম্প্ৰতি অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।



No comments