Breaking News

চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰজাপুখুৰীত আজি পুৱাই উদ্ধাৰ হল কাৰ্টুনে কাৰ্টুনে বিলাতী সুৰাৰ বটল

 


মৃত্যুঞ্জয় দাস,সোণাৰিঃ চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰজাপুখুৰীত আজি পুৱাই উদ্ধাৰ হল কাৰ্টুনে কাৰ্টুনে বিলাতী সুৰাৰ বটল । এখন দোকানৰ পাছফালে থকা এটা পুখুৰীত বৃহৎ পৰিমাণৰ বিলাতী সুৰাৰ বটল লুকুৱাই ৰখা বুলি গোপন সূত্ৰে জানিব পাৰি আৰক্ষীৰ দলে পুখুৰীত সন্ধান চলাই প্ৰায় ২০০ টা বিলাতী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয় । পুখুৰীটোৰ মাজ ভাগত আৰু সুৰাৰ বটল থকাৰ সন্দেহ কৰি আৰক্ষীয়ে তদন্ত চলাই আছে । সুৰাৰ বটল খিনি এগৰাকী স্থানীয় সুৰা বেপাৰী পদুমী বৰুৱাৰ  বুলি আৰক্ষীয়ে সন্দেহ কৰি মহিলা গৰাকীক আটক কৰিছে । ৰজাপুখুৰীত থকা চৰাইদেউ জিলা চিকিৎসালয়ৰ কাষতে সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল মহিলা গৰাকীয়ে । একে অভিযোগত বিতৰ্কিত মহিলা গৰাকী পূৰ্বেও এবাৰ ৰঙা ঘৰৰ আলহী হৈছিল।

No comments