Breaking News

স্বাধীনতা দিৱসৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে সলনি কৰিলে পতাকা উত্তোলনৰ নিয়ম



এইবাৰ ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ অৰ্থাৎ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ ওলাইছে। এইক্ষেত্ৰত কেন্দ্রীয় চৰকাৰে কেইবাটাও কার্যসূচী আৰম্ভ কৰিছে৷ এইবাৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি পালন কৰিব আজাদী কা অমৃত মহোৎসৱ। এই অনুষ্ঠানৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ আহ্বান জনোৱা হৈছে। এই জাতীয় পতাকাকেন্দ্ৰিক অনুষ্ঠানটোক ‘হৰ ঘৰ ত্ৰিৰংগা অভিযান’ নামেৰে নামাকৰণ কৰা হৈছে। কাৰ্যসূচীৰ লগত সংগতি আৰম্ভ কৰা এই অভিযান’ৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ নিয়মত কেইবাটাও পৰিৱৰ্তন আনিছে কেন্দ্ৰীয় চৰকাৰে। 

আগষ্ট মাহৰ প্ৰথম সপ্তাহত সংশোধন কৰা হৈছিল ভাৰতীয় পতাকাৰ ২০২২ নিয়ম । পূৰ্বৰ নিয়ম অনুসৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ অনুমতি আছিল কেৱল সূৰ্য্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে। কিন্তু এইবাৰ ফ্লেগ ক'ড অফ ইণ্ডিয়া ২০২২ৰ ধাৰা ২.২ৰ ধাৰা ১১ অনুসৰি যিকোনো ভাৰতীয় নাগৰিকৰ ঘৰত যিকোনো সময়তে ভাৰতীয় পতাকা উত্তোলন কৰিব পাৰিব।  কিন্তু এই পতাকাৰ আকৃতি ডাঙৰ হোৱা উচিত। আৰু ফাটি যোৱা পতাকা কেতিয়াও উত্তোলন কৰিব নালাগে।

No comments