Breaking News

"চৰকাৰৰ সিদ্ধান্তই অসমত মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ ধ্বংসৰ বাট মুকলি কৰিব" গোলাঘাট জিলা জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ

 "চৰকাৰৰ সিদ্ধান্তই অসমত মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ ধ্বংসৰ বাট মুকলি কৰিব"

গোলাঘাট জিলা জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ




"অসম চৰকাৰে ঘোষণা কৰা ৰাজ্যৰ মাতৃভাষা মাধ্যমৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজী মাধ্যমত পাঠদান কৰোৱা ,সম্প্ৰতি প্ৰচলিত সমাজ বিজ্ঞান বিষয়ৰ পৰিৱৰ্তে বুৰঞ্জী আৰু ভূগোল বিষয় দুটা প্ৰচলন কৰিব বিচৰা আদি চৰকাৰৰ এক হঠকাৰী সিদ্ধান্ত ।অসম চৰকাৰৰ এনে সিদ্ধান্তই অদূৰ ভৱিষ্যতে অসমত মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ ধ্বংসৰ বাট মুকলি কৰিব ।......" অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অন্তৰ্গত গোলাঘাট জিলাৰ ৫২ খন জাতীয় বিদ্যালয়ৰ মুৰব্বীৰ স্বাক্ষৰেৰে গোলাঘাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিয়ে বৃহস্পতিবাৰে গোলাঘাট জিলাৰ উপায়ুক্তৰ জৰিয়তে  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰ ত এনেদৰে মুকলি উল্লেখ কৰে । সমন্বয়ৰক্ষী সমিতিৰ সভাপতি পল্লৱ বৰবৰা আৰু সম্পাদক সঞ্জীৱ চাৰিঙীয়াই গোলাঘাট জিলাৰ উপায়ুক্তক মুখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ উদ্দেশ্যে প্ৰদান কৰা স্মাৰক পত্ৰত প্ৰকাশ কৰে যে, "মাতৃভাষা মাধ্যমৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ ইংৰাজী মাধ্যমত পাঠদান কৰাব বিচৰা সিদ্ধান্তৰ আমি মুকলি বিৰোধিতা কৰোঁ। কিয়নো বিদ্যালয় পৰ্যায়ত মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণ কৰাটোৱেই সম্পূৰ্ণ শুদ্ধ আৰু বিজ্ঞানসন্মত পদ্ধতি বুলি আমি সদায় বিশ্বাস কৰি আহিছোঁ। শিক্ষাবিদ,মনীষি আৰু শিক্ষা বিভাগৰ বিভিন্ন আয়োগৰ প্ৰতিবেদতো এই মতামত ব্যক্ত কৰিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০তো বিদ্যালয় পৰ্যায়ত পঞ্চম শ্ৰেণীলৈ আৰু য'তেই সম্ভৱ অষ্টম শ্ৰেণীলৈ মাতৃভাষা মাধ্যমত শিক্ষাদানৰ পৰামৰ্শ আগবঢ়াইছে ।চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ দ্বাৰা মাতৃভাষা মাধ্যমত শিক্ষাগ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ ওপৰত দুটা মাধ্যমৰ বোজা জাপি দিয়া হৈছে বুলি প্ৰকাশ কৰে । ইয়াৰ বিপৰীতে ইংৰাজী মাধ্যমৰ শিক্ষাৰ্থীসকলে বুৰঞ্জী,গণিত, ভূগোল,বিজ্ঞান আটাইবোৰ বিষয় কেৱল ইংৰাজী মাধ্যমত শিকিব পাৰিব। অৰ্থাৎ তেওঁলোকে এটা মাধ্যমত শিক্ষা গ্ৰহণ কৰিব পাৰিব । চৰকাৰৰ এনে সিদ্ধান্তৰ দ্বাৰা মাতৃভাষা মাধ্যমৰ শিক্ষাৰ্থীসকলৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰা হৈছে,কিয়নো দুয়োটা মাধ্যমৰ শিক্ষাৰ্থীসকলে একেখন বৰ্ডৰ (SEBA)যে অধীনত একেলগে একেটা পৰীক্ষীতেই অৱতীৰ্ণ হ'ব লাগিব বুলি স্মাৰক পত্ৰত প্ৰকাশ কৰে। 'চেবা' বৰ্ডৰ অন্তৰ্ভুক্ত বিদ্যালয়ৰ পৰা সমাজ বিজ্ঞান বিষয়টো উঠাই দিলে তাত সনিবিষ্ট অৰ্থনীতি ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা শিক্ষাৰ্থীসকল বঞ্চিত হ'ব বুলি উল্লেখ কৰা হৈছে। অসমৰ মাতৃভাষা মাধ্যমত বৰ্তমান শিক্ষা গ্ৰহণ কৰি থকা আৰু ভৱিষ্যতে শিক্ষা গ্ৰহণ কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ উক্ত সিদ্ধান্ত বাতিল কৰিবলৈ গোলাঘাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি পল্লৱ বৰবৰা আৰু সম্পাদক সঞ্জীৱ চাৰিঙীয়াই আজি স্মাৰক পত্ৰযোগে অসমৰ মুখ্যমন্ত্ৰীৰ কাতৰ আহ্বান জনাইছে ।

No comments