Breaking News

বিগত ২৪ ঘন্টাৰ ভিতৰত তৃতীয়টো পথ দুৰ্ঘটনাৰ সাক্ষী হ'ল গোলাঘাট

 


বিগত ২৪ ঘন্টাৰ ভিতৰত তৃতীয়টো পথ দুৰ্ঘটনাৰ সাক্ষী হ'ল গোলাঘাট।এইবাৰ তীব্ৰবেগী ট্ৰাকৰ তলত সোমাই মৃত্যু চাইকেল আৰোহীৰ।গোলাঘাটৰ দণ্ডধৰ তিনিআলিত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে জ্যোতি নগৰ ইটাখুলিৰ বিমান চতনামী নামৰ ব্যক্তিজনে চাইকেলেৰে নিজ ঘৰলৈ উভটাৰ পথত তীব্ৰবেগী এখন ট্ৰাকৰ খুন্দাত ট্ৰাকখনৰ তলত সোমাই পৰে।দিন হাজিৰা কৰা ব্যক্তিজনে সামান্য মদ্যপান কৰি আছিল বুলিও জানিব পৰা গৈছে। ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ UP 25BT 8106. মৃত বিমান চতনামীৰ পিতৃৰ নাম পুনিৰাম চতনামী। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত বিমানক সংকটজনক অৱস্থাত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ২৪ বছৰীয়া যুৱকজনক।


No comments