Breaking News

ট্ৰেঞ্চফৰ্মাৰৰ ক্ষমতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ২২ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ গোলাঘাট জিলাৰ কেতবোৰ ঠাইত লোড শ্বেডিঙৰ আশংকা

 


ট্ৰেঞ্চফৰ্মাৰৰ ক্ষমতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ২২ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ গোলাঘাট জিলাৰ কেতবোৰ ঠাইত লোড শ্বেডিঙৰ আশংকা


গোলাঘাট, ২৪ আগষ্ট : এইজিচিএলৰ গোলাঘাট জিলাৰ তেতেলিতল গ্ৰিড উপ-কেন্দ্ৰ(১৩২ কেভিএ)ৰ অধীনৰ শক্তি ট্ৰেঞ্চফৰ্মাৰৰ ক্ষমতা বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ২২ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ এপিডিচিএলৰ গোলাঘাট বৈদ্যুতিক উপ-সংমণ্ডল-২ৰ অধীনৰ ৩৩/১১কেভিএ ক্ষমতাযুক্ত কমাৰবন্ধা উপ-কেন্দ্ৰ, জোনাকী নগৰ উপ-কেন্দ্ৰ, গণকপুখুৰী উপ-কেন্দ্ৰ, লেতেকু উপ-কেন্দ্ৰ আৰু ফলঙনি উপ-কেন্দ্ৰৰ আটাইকেইটা ফিদাৰতে বিদ্যুতৰ সৰ্বাধিক ব্যৱহাৰৰ সময়চোৱাত (সন্ধিয়া ৬ বজাৰ পৰা ১০ বজালৈ) লোড শ্বেডিং হোৱাৰ আশংকা আছে । এপিডিচিএল, ইউএআৰৰ গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধকে এই সম্পৰ্কে এক জাননী জাৰী কৰিছে ।

  


সেই অনুসৰি লোড শ্বেডিঙৰ সময়ত প্ৰভাৱিত হ'বলগীয়া এলেকাসমূহ হ'ল কমাৰবন্ধা, কছাৰীহাট, ৰাইডিঙীয়া, বচাকুমাৰ গাঁও, জোনাকী নগৰ, কাবৰু গাঁও, কচুগাঁও, পুলিবৰ, বগৰিজেং, ত্ৰিবেণী, হাতীয়েখোৱা, কাকডোঙা, মহিমা, দোলাষৰীয়া, দক্ষিণহেংগেৰা, নৰাকোঁৱৰ, শালমৰা, আধাৰসত্ৰ, দৰিয়া, গোলামপট্টি, যোগিবাৰী, গণক পুখুৰী, ঢেকিয়াল, মৰঙী, বকীয়াল, লেতেকুজান, ফলঙনী, বগীজান, ৰঙাজান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ । এই সময়চোৱাত কাছমাৰি উপ-কেন্দ্ৰৰ অধীনৰ কেতবোৰ অঞ্চলো প্ৰভাৱিত হোৱাৰ আশংকা আছে । বিদ্যুৎ বিভাগে এই দিনকেইটাত উপভোক্তাসকলক বিভাগৰ সৈতে সহযোগ কৰিবলৈ আহ্বান জনাইছে । 

No comments