Breaking News

মুকলি আকাশৰ তললৈ আহিল কাৰাৰুদ্ধ প্ৰণীতা চুতীয়া



বিগত ডেৰমাহে কাৰাবন্দী হৈ আছিল উশ্বু খেলুৱৈ প্ৰণীতা চুতীয়া। বৃহস্পতিবাৰে চৰাইদেউৰ সত্ৰ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰাৰ পিছতেই আজি কাৰামুক্ত প্ৰণীতা। ফেচবুকত আলফা স্বাধীনক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছিল প্ৰণীতা।

ডেৰমাহৰ পূৰ্বে সামাজিক মাধ্যমত কৰা আলফা সমৰ্থিত এক কমেন্ট কৰিছিল প্ৰণীতাই। প্ৰণীতাই লিখিছিল ‘আলফাৰ লিংক পালে মইও যাম আলফালৈ, আই লাভ আলফা’ তাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল উশ্বু খেলুৱৈগৰাকী।

উল্লেখ্য যে মৰাণহাট আৰক্ষীথানাত প্ৰণীতাৰ বিৰুদ্ধে 36/22ত 120 (B)/121/121A IPC, R/W- Sec- 10/13/18 (B) UA(P) Act & R/W- Sec- 67 of IT Act 2000 ধাৰাত গোচৰ ৰুজু কৰিছিল চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ এটা দলে।


No comments