Breaking News

উদ্ভিদ বিজ্ঞানী ড০ পদ্মেশ্বৰ গগৈলৈ জীৱন জোৰা সাধনা বটাঁ গোলাঘাট এমেচাৰ ছ’চাইটিৰ।

 


উদ্ভিদ বিজ্ঞানী ড০ পদ্মেশ্বৰ গগৈলৈ জীৱন জোৰা সাধনা বটাঁ গোলাঘাট এমেচাৰ ছ’চাইটিৰ। 

গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিয়ে সমাজ জীৱনলৈ আগবঢ়োৱা একোগৰাকীকৈ বিশিষ্ট বৰ্ষীয়ান ব্যক্তিক এই মাহৰ অতিথি ৰূপে নিমন্ত্ৰণ কৰি "জীৱন জোৰা সাধনা বটাঁ" প্ৰদান আৰু অন্তৰঙ্গ আলাপৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে । ইয়াৰ অংশ স্বৰূপে এই মাহত এই সন্মান প্ৰদান কৰিব বিশিষ্ট উদ্ভিদ বিজ্ঞানী তথা অসমীয়া লোক সংস্কৃতিৰ বিশেষজ্ঞ ড০ পদ্মেশ্বৰ গগৈক । অহা ৬ চেপ্তেম্বৰ ২০২২ তাৰিখ মঙ্গল বাৰে সন্ধিয়া ৬-৩০ বজাত ছ’চাইটিৰ প্ৰেক্ষাগৃহত  আয়োজন কৰা এই অনুষ্ঠানত বিশিষ্ট উদ্ভিদ বিজ্ঞানী গৰাকীৰ সৈতে এক অন্তৰঙ্গ আলাপৰো অনুষ্ঠান অনুষ্ঠিত কৰাৰো আয়োজন কৰা হৈছে । উক্ত অনুষ্ঠানতে ড০ পদ্মেশ্বৰ গগৈক ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ দিহা কৰিছে। যদিহে কোনো ইচ্ছুক ব্যক্তি তথা অনুষ্ঠানে  সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰে জনাব পাৰিব বুলিও জানিবলৈ দিছে গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ সভাপতি ডাঃ অজিত বৰুৱা  আৰু প্ৰশাসনীয় সম্পাদক দীপমনি খাটনীয়াৰে । 

সেয়েহে উক্তা অনুষ্ঠানলৈ সকলো ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছে এমেচাৰ থিয়েটাৰ ছ’চাইটিয়ে

No comments