Breaking News

গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত উপস্হিত থাকি নষ্টালজিক প্ৰাক্তন ছাত্ৰ, মন্ত্ৰী অতুল বৰা

প্ৰাক্তন ছাত্ৰ ছাত্ৰী ভৱনৰ আধাৰশিলা স্থাপন মন্ত্ৰী অতুল বৰাৰ



গোলাঘাটৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ অনুষ্ঠান দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে উৎস মালহেৰে উদযাপন কৰা হয় । মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ন-পুৰণি ছাত্ৰ ছাত্ৰীৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি  পুৱা ৯ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ডঃ জয়ন্ত বাৰুকিয়ালে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে  মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্হাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক  ডঃ নৃপেন বৰুৱাই। ছহিদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ পৰাগ কুমাৰ ঠাকুৰে।এই কাৰ্যসূচীৰ পিছতে মহাবিদ্যালয়ৰ ন পুৰণি ছাত্ৰ ছাত্ৰী সকলে সমবেত কণ্ঠত মহাবিদ্যালয়ৰ সংগীত পৰিবেশন কৰে । ইয়াৰ পিছত মহাবিদ্যালয়ৰ মুখপত্ৰ 'দেৱৰাজীয়ান'  উন্মোচন কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ বিপুল ভূঞাই আৰু মহাবিদ্যালয়ৰ ১৪ টা বিভাগৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন  কৰে প্ৰাক্তন অধ্যক্ষ ডঃ পুতুল শইকীয়াই । এই অনুষ্ঠানৰ পিছতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী ভৱনৰ আধাৰশিলা স্থাপন আৰু মহাবিদ্যালয় চৌহদত আলোক ব্যৱস্থাৰ সংযোজনৰ শুভাৰম্ভণি কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অসম চৰকাৰৰ কৃষি, পশুপালন, সীমান্ত উন্নয়ন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই। দুপৰীয়া ন-পুৰণি ছাত্ৰ ছাত্ৰীৰ উদ্যোগত অনুষ্ঠিত মুকলি সভা আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহত সভাপতিত্বত কৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্হাৰ সভাপতি ডঃ নৃপেন বৰুৱাই। এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি প্ৰাক্তন ছাত্ৰ তথা মন্ত্ৰী অতুল বৰাই  প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীত উপস্হিত থাকি নষ্টালজিক হৈ পৰা বুলি  ব্যক্ত কৰাৰ লগতে মহাবিদ্যালয় খনত অধ্যয়নৰত  সময়ৰ বহু কথাই মনত দোলা দিয়া বুলি প্ৰকাশ কৰে। মন্ত্ৰী বৰাই যৌৱনৰ সোণসেৰীয়া সময়খিনিৰ এছোৱা এই মহাবিদ্যালয়খনতে অতিবাহিত কৰি ভৱিষ্যতৰ স্বপ্নত বিভোৰ হৈ পৰিছিল বুলিও উল্লেখ কৰে। মন্ত্ৰী গৰাকীয়ে ৭৪ বছৰীয়া সুদীৰ্ঘ যাত্ৰা অতিক্ৰম কৰা দেৱৰাজ ৰয় মহাবিদ্যালয়ে‌ গুণগত শিক্ষা প্ৰদানৰ জৰিয়তে গোলাঘাটত শৈক্ষিক উৎকৰ্ষ সাধনেৰে মানৱ সম্পদ গঢ়ি আহিছে বুলি উল্লেখ কৰি অনাগত দিনতসমূহতো অধিক গৌৰৱেৰে গীতিশীলতাৰ পথত আগুৱাই যাব বুলিও আশা প্ৰকাশ কৰে। মন্ত্ৰী বৰাই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ লগত জড়িত সকলোকে  শ্ৰদ্ধাৰে স্মৰণ কৰি মহাবিদ্যালয়খনৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত যৎপৰোনাস্তি সহযোগিতা আগবঢ়াই যাব বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে।  মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক দেৱজিৎ ফুকনে আত ধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষ ডঃ জয়ন্ত বাৰুকিয়ালে। বিয়লি   ন- পুৰণি  হাজাৰোধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই গীত পৰিৱেশন কৰি   সকলোকে সন্মোহিত কৰি তোলে। সন্ধিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত বন্তি প্ৰজ্বলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সামৰণি পৰে।

No comments