Breaking News

হায়দৰাবাদত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাত অথন্তৰ



হায়দৰাবাদত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাত অথন্তৰ। সভাৰ মাজতে মাইক্ৰ'ফোন কাঢ়ি নিয়াৰ চেষ্টা এজন TRS নেতাৰ। আজি হঠাৎ হাইদৰাবাদত অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ড০ শৰ্মাৰ সন্মুখৰ পৰা মাইক্ৰ'ফোন কাঢ়ি নিয়াৰ চেষ্টা এজন TRS নেতাৰ

উক্ত ঘটনাৰ পিছতে  সভাস্থলীত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ । অৱশ্যে উক্ত কাণ্ডটো সংঘটিত কৰাৰ চেষ্টা কৰা লোকজনক নিৰাপত্তৰক্ষীয়ে মঞ্চৰ পৰা আটক কৰে ।

উল্লেখ্য যে আজি হায়দৰাবাদৰ শ্যাম মন্দিৰত উপস্থিত হোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সভাত অংশ লৈছিল আৰু উক্ত সভাতেই সৃষ্টি হৈ অভাৱনীয় পৰিস্থিতিৰ। 

No comments