Breaking News

গোলাঘাট আইন সেৱা প্ৰাধিকৰণ, গোলাঘাটৰ প্ৰেছ বিবৃতিঃ স্থগিত কৰা ৰখা হৈছে ১০ ছেপ্টেম্বৰত হ’বলগা ৰাজ্যিক লোক আদালত



অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ, গুৱাহাটীৰ নিৰ্দেশমৰ্মে, গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে। প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা অনুসৰি অহা ১০ ছেপ্টেম্বৰ (২০২২)ত হ’বলগা ৰাজ্যিক লোক  আদালাত স্থগিত কৰা হৈছে। এই ৰাজ্যিক লোক আদালতত উত্থাপন কৰিব লগা মটৰ গাড়ী আইন সম্পৰ্কীয় গোচৰসমূহ স্থগিত ৰাখি ১২ নৱেম্বৰত হ’বলগা পৰৱৰ্তী ৰাষ্ট্ৰীয় লোক আদালতত উত্থাপন কৰা হ’ব। তদুপৰি উত্থাপিত অন্যান্য গোচৰৰ ক্ষেত্ৰত ৰাজ্যিক লোক আদালতৰ বাবে নিৰ্দিষ্ট কৰা দিনটোকে প্ৰাক লোক আদালতত বৈঠক আয়োজন কৰা হৈছে। মটৰগাড়ী আইন সম্পৰ্কীয় গোচৰসমূহ ৰ ক্ষেত্ৰত লোক আদালতৰ নটিচ লাভ কৰা সকলক ১২ নৱেম্বৰ, ২০২২ তাৰিখৰ ৰাষ্ট্ৰীয় লোক আদালতত উপস্থিত থাকিবলৈ জনোৱা হ’ল। অন্যান্য গোচৰৰ নটিচ লাভ কৰা লোকসকলে ১০ ছেপ্টেম্বৰ বা নিৰ্দিষ্ট আদালতে দিয়া নিৰ্দেশ অনুযায়ী প্ৰাক লোক আদালত বৈঠকত উপস্থিত থাকিবৰ বাবে জনোৱা হ’ল।

No comments