Breaking News

আজি ‘বিশ্ব গঁড় দিৱস’



আজি ‘বিশ্ব গঁড় দিৱস’। গঁড়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ সজাগতাৰ উদ্দেশ্যে ২২ ছেপ্টেম্বৰৰ দিনটোত বিশ্ববাসীয়ে পালন কৰি আহিছে বিশ্ব গঁড় দিৱস। মূলতঃ এই দিৱসটো পালন কৰাৰ উদ্দেশ্য হৈছে আফ্ৰিকা আৰু এছিয়াত বাস কৰা গঁড়ৰ বিভিন্ন প্ৰজাতিৰ বিষয়ে সজাগতা বঢ়োৱা আৰু মানুহক গঢ়ৰ সংৰক্ষণ কৰাৰ বাবে উৎসাহিত কৰা। এছিয়া আৰু আফ্ৰিকাৰ গঁড়ৰ প্ৰজাতিৰ উপৰিও এই দিনটো জন্তুৰ বাবে উদযাপন কৰা হয় আৰু মানুহক সেইবোৰ সংৰক্ষণ কৰাৰ বাবে প্ৰেৰণা যোগোৱা উদ্দেশ্যে বিশ্ব বন্য প্ৰাণী পুঁজি (WWF)য়ে ২০১০ চনত দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ‘বিশ্ব গঁড় দিৱস’ ঘোষণা কৰিছিল।

 বিশ্বৰ প্রেক্ষাপটত বিৰল সুকীয়া মর্যাদাৰে জিলিকি থকা অসমৰ এশিঙীয়া গঁড়ৰ সর্বতোপ্রকাৰৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে বন্যপ্ৰাণী প্ৰেমী বিভিন্ন সংগঠনে উদযাপন কৰিছে বিশ্ব গঁড় দিৱস। এটা খৰ্গৰ গঁড়ে বিশ্বৰ বুকুত অসমক এক সুকীয়া পৰিচয় দিছে। আমাৰ স্বাভিমান আৰু গৌৰৱৰ প্ৰতীক গঁড়। আজি "বিশ্ব গঁড় দিৱস"ত এই আপুৰুগীয়া প্ৰাণীবিধৰ সুৰক্ষা, সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে আমি সকলোৱে সংকল্প  লোৱা উচিত।

No comments