Breaking News

গোলাঘাটৰ বৰজানত সোপাধৰা আতংক।



ডিজিটেল সংবাদ, গোলাঘাট:গোলাঘাটৰ বৰজানত সোপাধৰা আতংক। স্থানীয় ৰাইজে আটক কৰে এটা সোপাধৰাক। বিগত তিনিদিন ধৰি অচিনাক্ত এই লোক জন ঘুৰি ফুৰিছিল বৰজান অঞ্চলত। যোৱা নিশা লোক জনৰ গতিবিধি বেলেগ দেখি স্থানীয় ৰাইজে আটক কৰে। সোপাধৰাৰ সন্দেহত আতক কৰা লোকজন উত্তৰ প্ৰদেশৰ আগ্ৰাৰ। নাম লক্ষণ। স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়ে। নিজকে কিছু মানসিক বিকাৰগ্ৰস্ত বুলি ক'ব বিচাৰে লোকজনে। কিন্তু লোকজন উত্তৰ প্ৰদেশৰ পৰা গোলাঘাটৰ বৰজানলৈ আহি কিয় ৰাজপথত ঘুৰি ফুৰিছিল সেইয়াহে ৰহস্যৰ বিষয়।  আৰক্ষীয়ে গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসালয়ৰ লক আপক ৰাখিছে লোকজনক।উল্লেখ্য যে কালি দিনৰ ভাগতেই সোপাধৰাৰ এটা গেঙে কেইবাটাও শিশুক অপহৰণ কৰি থকা দেখিছিল এজন স্থানীয় যুৱকে।বিকাশ বাউৰী নামৰ যুৱকজনৰ পিঠিত নিচাযুক্ত বেজি খুচি পলাই সাৰিছিল সোপাধৰাৰ গেংটো।এখন বগা মাৰোতি গাড়ীত আহিছিল গেংটো।আৰু যোৱা নিশা আটক হোৱা লোকজন একেটা গেংৰে বুলি সন্দেহ ৰাইজৰ।

No comments