Breaking News

গোলাঘাটত সাংস্কৃতিক গোষ্ঠী সুৰ সন্ধানীৰ উদ্যোগত জয়ন্ত হাজৰিকাৰ জন্মদিৱস উদযাপন



গোলাঘাটৰ অন্যতম সাংস্কৃতিক গোষ্ঠী ‘সুৰ সন্ধানী’য়ে  অসমৰ  জগতৰ বিশিষ্ট শিল্পী সুৰ বাহিনীৰ স্ৰষ্টা প্ৰয়াত জয়ন্ত হাজৰিকাৰ  জন্মদিৱস টি গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ টিকিৰ ভৱনত  উদযাপন কৰে। অনুষ্ঠানটিত বন্তি প্ৰজলন কৰে বিশিষ্ট নিবন্ধকাৰ ডাঃ অজিত বৰুৱাই  জয়ন্ত হাজৰিকাৰৰ বিভিন্ন দিশ সামৰি স্মৃতি চাৰণ কৰে। অনুস্থানটিৰ শুভ  উদ্বোধন কৰে নিবন্ধকাৰ সমাজসেৱীকা অপৰাজিতা বৰুৱাই তেখেতে তেখেতৰ বহুমূলীয়া ভাষণত  জয়ন্ত হাজৰিকাৰৰ সংগীত জগতৰ লগত কেনেকৈ সম্বন্ধ  স্থাপন আৰু তাৰ পৰা ছবি ,গীত , আদিৰ বিষয়ে বহু কথা উল্লেখ কৰে। সভাত ড০ লুকুমণি গোস্বামী আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালয়কৰ  অৱসৰ প্ৰাপ্ত উপ সঞ্চালক ৰবিজ্যোতি বৰুৱাই ভাষণ প্ৰদান কৰে। ইয়াৰ  পিছত গোলাঘাটৰ বহু সংগীত শিল্পীয়ে জয়ন্ত হাজৰিকাৰৰ সুমধুৰ গীত সমূহ  এককভাবে পৰিৱেশন কৰে।

No comments