Breaking News

নয়ডাৰ চেক্টৰ ২১ ত সংঘটিত হয় এক ভয়ংকৰ ঘটনা





নয়ডাৰ চেক্টৰ ২১ ত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এখন দেৱাল খহি ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ৯ জনকৈ শ্ৰমিক। 

প্ৰশাসনৰ তৰফৰ প্ৰকাশ কৰা অনুসৰি, আজি বাহায়ু বিহাৰ আৱাসিক নগৰত ১৩ জন শ্ৰমিকে এখন দেৱালৰ কাষৰ নলা পৰিষ্কাৰ কৰি থকা অৱস্থাত হঠাৎ এখন দেৱাল খহি পৰে। উক্ত ধ্বংসস্তূপত ১৩ জন শ্ৰমিক আৱদ্ধ হৈ পৰে। তাৎক্ষণিকভাৱে  উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও চাৰিজন শ্ৰমিক নিহত অৱস্থাত উদ্ধাৰ কৰাৰ বিপৰীতে ৯ জনক জীৱিত অৱস্থাত উদ্ধাৰ কৰে।  মৃত চাৰিওজন শ্ৰমিক উত্তৰ প্ৰদেশৰ বাদিয়ান জিলাৰ বাসিন্দা বুলি জনা গৈছে।

No comments