Breaking News

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবে সাজু লাভলীনা বৰগোঁহাই আৰু শিৱ থাপা



৩০ অক্টোবৰৰ পৰা ১২ নৱেম্বৰলৈ জৰ্ডানৰ আম্মানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপলৈ সাজু লাভলীনা বৰগোহাঁই আৰু শিৱ থাপা। প্ৰতিযোগিতাখনত ভাৰতীয় পুৰুষ প্ৰত্যাহ্বানৰ নেতৃত্ব দিব শিৱ থাপা আৰু মহিলাক নেতৃত্ব দিব টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোঁহাইয়ে। 

 বর্তমানৰ বিশ্ব চেম্পিয়ন নিখাত জাৰীন, তিনিবাৰৰ এছিয়ান চেম্পিয়নশ্বিপ পদক বিজয়ী অমিত পাংঘল আৰু বার্মিংহাম কমনৱেলথ গেমছৰ পদক বিজয়ী ৰোহিত টোকাছ আৰু সাগৰ আহলাৱত প্ৰতিযোগাতিৰ পৰা বাদ পৰে। ভাৰতীয় বক্সিং ফেডাৰেচনৰ জনোৱা মতে, জৰীনে প্ৰতিযোগিতাখনক কিছু অতি প্ৰয়োজনীয় জিৰণি ল’বলৈ মিছ দিছে যদিও পাংঘল, টোকাছ আৰু আহলাৱত নাৰ্চিং আঘাতৰ সন্মুখীন হৈছে।

No comments