Breaking News

লণ্ডনত ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু



ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুয়ে ১৭-১৯ ছেপ্টেম্বৰৰ ভিতৰত ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আৰু ভাৰত চৰকাৰৰ হৈ সমবেদনা জ্ঞাপন কৰিবলৈ ইউকেৰ লণ্ডন ভ্ৰমণ কৰিব। ইউকেৰ প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধান আৰু কমনৱেলথ অৱ নেশ্যনছৰ মুৰব্বী ৰাণী দ্বিতীয় এলিজাবেথৰ ৮ ছেপ্টেম্বৰত মৃত্যু হয়। 

ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ১২ ছেপ্টেম্বৰত নতুন দিল্লীত ব্ৰিটিছ হাই কমিছনলৈ গৈ ভাৰতৰ হৈ সমবেদনা জ্ঞাপন কৰে।  

ইফালে ভাৰতেও ১১ ছেপ্টেম্বৰ অৰ্থাৎ দেওবাৰে ৰাষ্ট্ৰীয় শোকৰ দিন পালন কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে ৰাণী দ্বিতীয় এলিজাবেথৰ শাসনকালৰ ৭০ বছৰত ভাৰত-যুক্তৰাজ্যৰ সম্পৰ্ক  বিকশিত আৰু শক্তিশালী হৈছে। তেওঁ কমনৱেলথৰ মুৰব্বী হিচাপে বিশ্বব্যাপী লাখ লাখ জনগণৰৰ কল্যাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ব্ৰিটিছ ৰাণীয়ে ৮ ছেপ্টেম্বৰত স্কটলেণ্ডৰ বালম'ৰেল কেচেলত শেষ নিশ্বাস ত্যাগ কৰিছিল। ৯৬ বছৰীয়া ৰাণীৰ মৃত্যুৰ ফলত প্ৰজন্মজুৰি চলি থকা সাত দশকৰ ৰাজত্বৰ অৱসান ঘটিছিল।


No comments