Breaking News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয়, তৃতীয় আৰু পঞ্চম সংযোজন এলেকাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ ওপৰত গুৰুত্ব আৰোপ উপায়ুক্তৰ



গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ এই মাহৰ চতুৰ্থ দিনাৰ বৈঠকত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে জিলাখনৰ বন বিভাগৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল, বোকাখাতৰ কাম-কাজৰ পৰ্যালোচনা কৰে । উপায়ুক্তগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয়, তৃতীয় আৰু পঞ্চম সংযোজন এলেকাত ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন প্ৰক্ৰিয়াৰ বৰ্তমান স্থিতি তথা অগ্ৰগতি সন্দৰ্ভত সবিশেষ বুজ লয় । তেওঁ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ৯৭ টা চোৰাং চিকাৰী প্ৰতিৰোধী শিবিৰৰ পুনৰনিৰ্মাণৰ অগ্ৰগতি সন্দৰ্ভতো বিতংভাবে আলোচনা কৰে । তেওঁ ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন প্ৰক্ৰিয়াৰ লগতে চোৰাং চিকাৰী প্ৰতিৰোধী শিবিৰৰ পুনৰনিৰ্মাণৰ কাম খৰতকীয়া কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে । উপায়ুক্ত গৰাকীয়ে এই প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে অন্য সংশ্লিষ্ট পক্ষৰ লগত আলোচনাত মিলিত হ'বলৈ সাজু আছে বুলিও মত প্ৰকাশ কৰে । 


বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া ৰমেশ কুমাৰ গগৈ উপস্থিত আছিল ।

No comments