Breaking News

কাজিৰঙাৰ দিন হাজিৰা কৰি খোৱা দুজন লোকে দেখুওৱালে মহান নিদৰ্শন।

 

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ দিন হাজিৰা কৰি খোৱা দুজন লোকে দেখুওৱালে মহান নিদৰ্শন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ম'হপৰা অঞ্চলৰ তেতুলদাঙা গাঁৱৰ কৃষি কৰ্ম আৰু দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা বগা পাত্র আৰু বিলাপ পাত্রই দিলে সততাৰ পৰিচয়। কালি ঘৰৰ কাষতে থকা পথাৰত যাওঁতে মাটিত পৰিথকা অৱস্থাত পাই এটা গঁড়ৰ খৰ্গ।  লগে লগে ওচৰৰ কহঁৰা বনাঞ্চলৰ বেঙা বনশিবিৰৰ বনকৰ্মীক অৱগত কৰি জমা দিয়ে বুটলি পোৱা গঁড়ৰ খৰ্গটো। পাছত বন বিভাগৰ লোকে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ গাড়ীৰে লৈ যায় দুয়োকে আৰু গামোচাৰে সন্মানিত কৰে। বূটলি পোৱা গঁড়ৰ খৰ্গটোৰ ওজন 300 গ্ৰাম বুলি জনয় বন বিভাগৰ লোকে। বিভিন্ন সময়ত কাজিৰঙাৰ দাঁতিকাষৰীয়া লোকে এনে সততাৰ প্রমাণ দি আহিছে। আশাকৰো চৰকাৰ তথা বনবিভাগে দৰিদ্রতাৰে জীৱন নিৰ্বাহ কৰা এনে মহান নিদৰ্শন দেখুওৱা এই দুজন ব্যক্তিক তথা পৰিয়ালটোক আৰ্থিক সাহাৰ্য্য ও উচিত সন্মান জনাব।

No comments