Breaking News

বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত বৰপথাৰত ঘৰে ঘৰে ৰন্ধন গেছৰ যোগান আৰম্ভ।

 

  
ডিজিটেল সংবাদ, ধনশিৰিঃবিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত বৰপথাৰত ঘৰে ঘৰে ৰন্ধন গেছৰ যোগান আৰম্ভ।
আজি সৰুপথাৰ সমষ্টিৰ বাবে এক ঐতিহাসিক দিন। স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত
আজি সমষ্টিটোৰ  বৰপথাৰ নগৰত  ঘৰে ঘৰে পাইপৰে  ৰন্ধন গেছৰ  শুভাৰম্ভ কৰা হয় ।
সৰুপথাৰ সমষ্টিৰ বিধায়ক গৰাকীৰ  উপস্থিতিত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই বৰপথাৰ পৌৰসভাৰ পৌৰপতিৰ বাসগৃহত নাৰিকল ভাঙি,  চৌকা জ্বলাই আঁচনি খনৰ শুভাৰম্ভ কৰে। 
ঘৰে ঘৰে পাইপ গেছেৰে ৰন্ধন কাৰ্যৰ শুভাৰম্ভণি অনুষ্ঠানত অসম গেছ কোম্পানীৰ উচ্চ পদস্থ বিষয়াৰ উপৰিও ধনশিৰিৰ মহকুমাধিপতি দিনছেংফা বৰুৱা উপস্থিত থাকে।  
আঁচনি খনৰ সুবিধা গ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান ৰাজ্য সভাৰ সাংসদ আৰু স্থানীয় বিধায়কে । 




No comments