Breaking News

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱতী



ডিজিটেল সংবাদ, নুমলিগড়ঃ পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱতী।যুৱতগৰাকীক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।বগীজান থানাত গোচৰ দিবলৈ গৈছিল যদিও গোচৰ নললে আৰক্ষীয়ে। 

পুনৰ বহিঃৰাজ্যত মৃত্যু হৈছে অসমৰ এগৰাকী যুৱতীৰ।মৰঙীৰ মুৰফুলনীৰ কৰ্দৈগুৰিৰ যুৱতীগৰাকী আঠ মাহ পূৰ্বে সন্ধানহীন হৈছিল। সন্ধান হীন হোৱাৰ পাছতে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে বগীজান থানাৰ সন্ধানহীন হোৱা বুলি এজাহাৰ দিছিল। কিন্তু কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে। যাৰ বাবে এতিয়া ভানু দাস নামৰ যুৱতগৰাকী চেন্নাইৰ cengalpattu medical College hospital ত মৃত্যু হোৱা বুলি খবৰ পাই মৰ্মাহত হৈ পৰিছে।যুৱতগৰাকীক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। বগীজান থানাত গোচৰ দিবলৈ গৈছিল যদিও গোচৰ নললে আৰক্ষীয়ে। আৰক্ষীৰ মতে চেন্নাইত গোচৰ ৰুজু কৰিব লাগিব পৰিয়ালৰ লোকে । আনফালে পৰিয়ালৰ লোকে জানিবলৈ দিছে যুৱতী গৰাকীক সাগৰ লামা আৰু নানো নামৰ মহিলগৰাকীয়ে লৈ গৈছিল। আৰু তেওঁলোক দুজনে হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।


No comments