Breaking News

মেৰামতিৰ বাবে ২৪ আৰু ২৫ ছেপ্টেম্বৰত গোলাঘাট নগৰত বিদ্যুৎ কৰ্তনৰ আশংকা




এপিডিচিএল, ইউ এ আৰ, গোলাঘাটৰ গোলাঘাট বৈদ্যুতিক উপ-সংমণ্ডল-১ৰ অধীনৰ নিৰ্মীয়মান ১১ কেভিএ ভিআইপি ফিদাৰৰ সংযোগ তথা সমাগত দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় মেৰামতিৰ বাবে অহা ২৪ আৰু ২৫ ছেপ্টেম্বৰৰ পুৱা ৮ বজাৰ পৰা দিনৰ ১ বজালৈ ১১ কেভিএ টাউন ফিদাৰৰ বিদ্যুৎ কৰ্তন কৰা হ'ব । 



এইপিডিচিএল, ইউ এ আৰ, গোলাঘাটৰ গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধকে এই সন্দৰ্ভত জাৰি কৰা জাননীত কোৱা হৈছে যে উক্ত সময়ছোৱাত গোলাঘাট নগৰৰ টোকানি চাৰ্কোল, হিন্দী স্কুল পথ, শান্তিপুৰ, কোৰ্ট ৰোড, ৰ'দালি পইন্ট, টেনপুৰ, মিছন তিনিআলি, কলেজ তিনিআলি, জোনাকী নগৰ, দেৱৰাজ ৰয় মহাবিদ্যালয় পথ, মিছন কম্পাউণ্ড, বিপিন ফুকন নগৰ, ধ্ৰুৱ নগৰ, ষ্টেচন ৰোড তথা ইয়াৰ কাষৰীয়া অঞ্চলসমূহত প্ৰভাৱ পৰিব পাৰে । বিদ্যুৎ বিভাগে এই দিনকেইটাত উপভোক্তাসকলক বিভাগৰ সৈতে সহযোগ কৰিবলৈ আহ্বান জনাইছে ।

No comments