Breaking News

পঞ্চভূতত বিলীন হ’ল ৰাজু শ্ৰীবাস্তৱৰ নশ্বৰ দেহ।



পঞ্চভূতত বিলীন হ’ল ৰাজু শ্ৰীবাস্তৱৰ নশ্বৰ দেহ।  পুত্ৰ আয়ুষ্মানে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছে। হাঁহিৰে মানুহৰ হৃদয় শাসন কৰি অহা  ৰাজু শ্ৰীবাস্তৱক দিল্লীৰ নিগম্বোধ ঘাটত অন্ত্যেষ্টিক্ৰিয়া কৰা হয়। 

জনপ্ৰিয় অভিনেতাগৰাকীৰ অন্তিম যাত্ৰা দ্বাৰকাত ৰাজু শ্ৰীবাস্তৱৰ ভতিজাৰ ঘৰৰ পৰা ৰাতিপুৱা প্ৰায় ১০.১৫ বজাত আৰম্ভ হৈছিল। শেষ যাত্ৰাত বহু সংখ্যক লোক উপস্থিত হৈছিল। 

বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰা ৰাজু শ্ৰীবাস্তৱৰ  আজি দিল্লীত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। ৰাজু শ্ৰীবাস্তৱে তেওঁৰ পত্নী শিখা, জীয়ৰী অন্তৰা আৰু পুত্ৰ আয়ুষ্মানক এৰি থৈ গৈছে।


No comments