Breaking News

ইৰাণ চৰকাৰে হিজাব বিৰোধী প্ৰতিবাদ দমন কৰাত ব্যৰ্থ হৈছে



ইৰাণ চৰকাৰে হিজাব বিৰোধী প্ৰতিবাদ দমন কৰাত ব্যৰ্থ হৈছে, যাৰ ফলত অধিকাংশ চহৰত অস্থিৰতা বিয়পি পৰিছে। দেশখনৰ কুখ্যাত "নৈতিকতা" আৰক্ষীয়ে মুৰৰ কাপোৰৰ ওপৰত কঠোৰ আইন উলংঘা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এগৰাকী ২২ বছৰীয়া কুৰ্দি মহিলাৰ আৰক্ষীৰ জিম্মাত মৃত্যুক লৈ ইৰাণ চৰকাৰৰ বিৰুদ্ধে কৰা প্ৰতিবাদ প্ৰায় ৮০ খন চহৰলৈ বিয়পি পৰিছে বুলি জানিব পৰা গৈছে। কুৰ্দৰ স্থানীয় মাহচা আমিনীৰ মৃত্যুৰ পিছত শ শ প্ৰতিবাদকাৰী (অধিকাংশ মহিলা) ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।  প্ৰতিবাদকাৰীসকলে যি ইছলামিক শাসন আৰু ইয়াৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ মূল অংশক লক্ষ্য কৰি বিভিন্ন  চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। 


শুকুৰবাৰে নিৰাপত্তা বাহিনীৰ সৈতে হোৱা হিংসাত্মক সংঘৰ্ষত নিহতৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছে বুলি দেশৰ চৰকাৰী টিভি চেনেলসমূহে ইংগিত দিছে।  মাশ্হাদ, কুচান, চিৰাজ, তাব্ৰিজ আৰু কাৰাজত প্ৰতিবাদকাৰীৰ মুখামুখি হ'বলৈ চেষ্টা কৰি থকা অৱস্থাত কমেও পাঁচজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে বুলি উল্লেখ কৰে।

No comments