Breaking News

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা গ্ৰহণ অসম সমবায় মৰাপাট কলৰ পৰিচালন সঞ্চালক গুনমনি গগৈৰ

 

ডিজিটেল সংবাদ,গোলাঘাটঃ     অসম সমবায় মৰাপাট কলৰ পৰিচালন সঞ্চালক গুনমনি গগৈ আৰু উপ-সভাপতি পলাশ বৰা সহ কেইবাগৰাকী ব্যক্তিয়ে শনিবাৰে কলিকতাৰ ৰবীন্দ্ৰ সদনত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়  বঁটা গ্ৰহণ কৰে। মহাবঙ্গ সাহিত্য পৰিষদৰ উদ্যোগত অনুষ্ঠিত কবি সন্মিলন আৰু বঁটা বিতৰণ অনুষ্ঠানত পশ্চিম বঙ্গ চৰকাৰৰ কৃষি মন্ত্ৰী তথা প্ৰবীন কবি, সাহিত্যিক শ্ৰৱন দেৱ চটোপধ্যায় মুখ্য অতিথি আৰু নাৰ্কটিক বিভাগৰ সঞ্চালক তথা বিশিষ্ট সাহিত্যিক ৰাকেশ কুমাৰ শুক্লা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বঁটা সমূহ প্ৰদান কৰে। ভাৰতৰ লগতে বাংলাদেশ আৰু নেপালত  সামাজিক উন্নয়নত বিশেষভাবে অৰহনা আগবঢ়োৱা বিশিষ্ট ব্যক্তিক স্বীকৃতি স্বৰূপে কলিকতাৰ মহাবঙ্গ সাহিত্য পৰিষদ চেৰিটেবুল ট্ৰাস্টে এই বঁটা প্ৰদান কৰি আহিছে।  সমবায় খণ্ডত প্ৰতিষ্ঠিত ভাৰতৰ একমাত্ৰ মৰাপাট কল, কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলটো মৃত্যুমুখৰ পৰা বচাই লাভজনক পৰ্যায়লৈ আনি শ্ৰমিক কৰ্মচাৰীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱাৰ লগতে নিয়োগ সৃষ্টিত বিশেষ ভাবে সফল হোৱাৰ স্বীকৃতি স্বৰূপে অসম সমবায় মৰাপাট কলৰ দুই ব্যক্তিলৈ ২০২২ বৰ্ষৰ এই বঁটা আগবঢ়োৱা হৈছে। বিশিষ্ট লেখক, ৰাজভৱনৰ অৱসৰপ্ৰাপ্ত সচিব জীৱন শইকীয়াই মাডাৰ টেৰেচা আন্তঃৰাষ্ট্ৰীয় বঁটাতেজপুৰৰ সাংস্কৃতিক কৰ্মী, কৃৰ্তী শিক্ষক, নমিতা মহন্ত আৰু গুৱাহাটীৰ বিশিষ্ট কবি-সাহিত্যিক মামনি ডেকাৰ লগতে বহুকেইগৰাকী ব্যক্তিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা সমূহ গ্ৰহণ কৰে।

No comments