Breaking News

ডি.এছ.পিৰ নিযুক্তি পত্ৰসহ, ৫০ লাখ টকা নয়নমণি শইকীয়ালৈ।



আজিৰে পৰা আনুষ্ঠানিকভাৱে ডি.এছ.পি হ’ল নয়নমণি শইকীয়া। বাৰ্মিংহামত অনুষ্ঠিত হোৱা ২০২২ বৰ্ষৰ কমনৱেলথ গেমছত লন বলত সোণৰ পদত অৰ্জন কৰিছিল অসমবাসীৰ গৌৰান্বিত কৰিছিল  গোলাঘাট জিলাৰ নয়নমণি শইকীয়াই। ইয়াৰ সুবাবদতেই অসম চৰকাৰে নয়নমণিক উপ-আৰক্ষী অধীক্ষক বা  বন বিভাগৰ ডিপুটি কামাণ্ডেণ্ট পদত নিযুক্তি দিম বুলি ঘোষণা কৰিছিল। অৱশেষত আজি অভিৰুচি ক্ৰীড়া দিৱসৰ দিনাই নয়নমণিক উপ-আৰক্ষী অধীক্ষকৰৰ নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নয়নমণিক ৫০ লাখ টকা  পুৰস্কাৰ হিচাপে আগবঢ়ায়।

No comments