Breaking News

গুৱাহাটীৰ পৰা বিদেশলৈ পুনৰ আৰম্ভ হ'ল বিমানৰ চলাচল



গুৱাহাটীৰ পৰা বিদেশলৈ পুনৰ আৰম্ভ হল  বিমানৰ চলাচল । প্ৰায় আঢ়ৈ বছৰ পাছত আৰম্ভ হৈছে আন্তৰ্জাতিক বিমান সেৱা। ভুটানকে ধৰি চুবুৰীয়া কেবাখনো দেশলৈ  বিমান সেৱা আৰম্ভ কৰা হৈছে। পুৱা ভুটানৰ  ৰাজকীয় চৰকাৰৰ বিমান সংস্থা দ্রুক এয়াৰ লাইন্সৰ এয়াৰ বাছ - ৩২০  শ্ৰেণীৰ বিমানখন ভুটানৰ পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ২২ জন যাত্ৰীসহ পুৱা ৮.২০.বজাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত অবতৰণ কৰে । ইয়াৰ পিছতেই ছিংগাপুৰ অভিমুখে যাত্ৰাৰ বাবে বৰঝাৰত উপস্থিত হয় অসমৰ ১৫জনকৈ যাত্ৰী ।

 যাত্ৰাৰ পূৰ্বে বৰঝাৰ বিমানবন্দৰত যাত্ৰী সকলক আদৰণি জনাই অসম চৰকাৰৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী আনহাতে গুৱাহাটীৰ ১৫ জন আৰু ভুটানৰ ২২ জনকে ধৰি মুঠ ৩৭ জন যাত্ৰী লৈ পুৱা  ৯.১০ বজাত বৰঝাৰ বিমানবন্দৰৰ পৰা ছিংগাপুৰলৈ যাত্ৰা কৰে দ্রুক এয়াৰ লাইন্সৰ বিমানখনৈ । ইতিমধ্যে বিয়লি ৪ বজাত বিমানখন গৈ ছিংগাপুৰত অবতৰণ  কৰিছে । 

অসম চৰকাৰৰ এক সূত্ৰই সদৰি কৰা অনুসৰি আজিৰে পৰা গুৱাহাটীৰ পৰা  সপ্তাহৰ প্ৰতি শনিবাৰে পুৱা ৯.১০ বজাত ছিংগাপুৰলৈ  বিমানখনে উৰা মাৰিব । 

No comments