Breaking News

অসম সত্ৰ মহাসভাৰ গোলাঘাট জিলা সমিতিৰ সাংগঠনিক সভাৰ আহ্বান



অহা ২৪ ছেপ্টেম্বত অসম সত্ৰ মহাসভাৰ গোলাঘাট জিলা সমিতিখন ন-কৈ গঠন কৰাৰ উদ্দেশ্যে  চিনাতলী বৰনামঘৰত এখন সাংগঠনিক সভা আহ্বান কৰা হৈছে বুলি অসমৰ সত্ৰ মহাসভা গোলাঘাট জিলাৰ তদৰ্থ সমিতিৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি পৰাগ জ্যোতি দত্ত আৰু উপ সভাপতি জিতেন বুবুল শইকীয়াই জানিবলৈ দিছে।  এই সভাতেই বিধ্বস্ত প্ৰায় একাংশ অসমীয়া সমাজৰ সাংস্কৃতিক ভাৱে উত্তৰণ কাৰ্যসূচীৰ লগতে গোলাঘাট জিলাৰ প্ৰতিটো নামঘৰৰ  উন্নয়ন আৰু সাংস্কৃতিক আৰু আধ্যাত্মিক ভাৱনাৰে উজ্জীবিত কৰা লগতে সত্ৰ নামঘৰ সহিতেৰে ভাৱীকালৰ সাধকসকলক অনুপ্ৰাণিত কৰিবলৈ কাৰ্যসূচী লোৱা বুলি জানিব পাৰি পৰা গৈছে। গোলাঘাট জিলাৰ প্ৰতিটো নামঘৰৰ প্ৰতিনিধি সত্ৰসমূহ আৰু ভক্তিপ্ৰাণ বৈষ্ণৱবৃন্দক অনুষ্ঠানত সহযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে তদৰ্থ সমিতিৰ গোলাঘাট জিলাৰ সত্ৰ মহাসভা সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে

No comments