Breaking News

মহেশ্বৰ নেওগে প্ৰাচ্যতত্ত্বৰ মাজত নিজস্বতাক ধৰি ৰাখিবৰ বাবেই ভাৰততত্ত্বৰ লেখিয়াকৈ অসমতত্ত্ব ধাৰণাৰ সূচনা কৰে'

 

গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক মহেশ্বৰ নেওগ স্মাৰক বক্তৃতানুষ্ঠানত অধ্যাপিকা-সাহিত্যিক কৰবী ডেকা হাজৰিকা





গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন অধ্যাপক মহেশ্বৰ নেওগ আছিল এজন কৰ্মোদ্যমী ব্যক্তি। কেৱল আৱেগ আৰু আহ্বানেৰে নহয় যুক্তি আৰু বিজ্ঞানসন্মত বিশ্লেষণেৰে কৰ্ম কৰাত বিশ্বাসী আছিল তেখেত' - এই মন্তব্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ কৰবী ডেকা হাজৰিকাৰ।আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু অধ্যাপক মহেশ্বৰ নেওগ স্মাৰক ন্যাস পৰিষদৰ সহযোগত অনুষ্ঠিত হোৱা অধ্যাপক মহেশ্বৰ নেওগ স্মাৰক বক্তৃতানুষ্ঠানত 'অধ্যাপক মহেশ্বৰ নেওগৰ অসমতত্ত্ব অধ্যয়ন' বিষয়ত বক্তব্য আগবঢ়াই বিশিষ্ট সাহিত্যিক তথা মহেশ্বৰ নেওগৰ ছাত্ৰী কৰবী ডেকা হাজৰিকাই কয় যে মহেশ্বৰ নেওগে প্ৰাচ্যতত্ত্বৰ মাজত নিজস্বতাক ধৰি ৰাখিবৰ বাবেই ভাৰততত্ত্বৰ লেখিয়াকৈ অসমতত্ত্ব ধাৰণাৰ সূচনা কৰে। মূলতঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জাতীয় প্ৰেমৰ আধাৰতে নতুন ৰূপত এই অসমতত্ত্ব বা assamology বিষয়ৰ সূত্ৰপাত হয়। অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ অধ্যয়নক সামৰি ড° নেওগে অসমতত্ত্বৰ সম্পৰ্কত বিস্তৃত অধ্যয়ন কৰে। শংকৰদেৱ অধ্যয়নকে ধৰি কেইবাটাও শাখাত বিভক্ত এই অসমতত্ত্বৰ বাটকটীয়া মহেশ্বৰ নেওগেই আছিল। মহেশ্বৰ নেওগৰ তত্ত্বাৱধানত গৱেষণা কৰা ড° কৰবী ডেকা হাজৰিকাই শিক্ষাগুৰু নেওগক সোঁৱৰণ কৰাৰ লগতে তেখেতৰ কৰ্মৰাজি তথা ব্যক্তিত্ব সম্পৰ্কেও আলোকপাত কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটো উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য গজেন্দ্ৰনাথ তালুকদাৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অধ্যয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপজ্যোতি মহন্তই সঞ্চালনা কৰা বক্তৃতানুষ্ঠানটোত The Wrap and the woof of life নামেৰে নেওগৰ কন্যা নৱমালতী নেওগে অনুবাদ কৰা মহেশ্বৰ নেওগৰ আত্মজীৱনী 'জীৱনৰ দীঘ আৰু বাণী'ৰো শুভ উন্মোচন কৰে। শাৰীৰিক অসুস্থতাৰ হেতু অধ্যাপক মহেশ্বৰ নেওগ ন্যাস পৰিষদৰ সভাপতি নগেন শইকীয়া এই সভাত উপস্থিত থাকিব নোৱাৰাত ন্যাস পৰিষদলৈ প্ৰেৰণ কৰা লিখিত পত্ৰ পাঠ কৰে সঞ্চালক প্ৰদীপজ্যোতি মহন্তই। অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক কন্দৰ্প কুমাৰ ডেকা, কুমাৰ ভাস্কৰ সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক দীপক কুমাৰ শৰ্মা, মহেশ্বৰ নেওগৰ পুত্ৰ-কন্যা, গণ্য-মান্য ব্যক্তি, অধ্যাপক, গৱেষক আৰু ভালেমান শিক্ষাৰ্থী উপস্থিত থাকে। অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক বিমল মজুমদাৰে।

No comments