Breaking News

অসম আন্দোলনৰ নিৰ্যাতিত পৰিয়ালৰ সতি সন্ততিক চৰকাৰী চাকৰিত দাবী অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ



 অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত জপিয়াই পৰি চি আৰ পিএফ দ্বাৰা নিৰ্যাতিত হৈ যিসকলে নিজৰ প্ৰাণ আহুতি দিয়াৰ লগতে চিৰদিনৰ বাবে পংগু হৈ পৰিল অথবা যিসকলে কাৰাবাস খাতি নিজৰ অমূল্য সময় নষ্ট কৰিলে সেই সকলৰ সতি সন্ততিক অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা পদ সমূহত  নিযুক্তিত অগ্ৰাধিকাৰ দিব লাগে। এই দাবী  অসম আন্দোলনৰ সতীৰ্থ মঞ্চৰ গোলাঘাট জিলা সমতিৰ। আজি মঞ্চৰ সভাপতি দুলাল গোহাঁই, কাৰ্যকৰী সভাপতি প্ৰদীপ গোস্বামী আৰু সাধাৰণ ৰাণা কলিতা স্বাক্ষৰিত এক  স্মাৰক পত্ৰ গোলাঘাট জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। স্মাৰক উল্লেখ কৰা অনুসৰি সম্প্ৰতি ৰাজ্য চৰকাৰে  তৃতীয়  আৰু চতুৰ্থ বৰ্গৰ  যি ২৬ হাজাৰ পদত নিযুক্তিৰ ব্যৱস্থা কৰিছে মঞ্চই চৰকাৰৰ এনে কাৰ্যক আদৰণি জনাইছে। এই পদসমূহত সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱা অসম আন্দোলনৰ সতি সন্ততি সকলক সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰমান পত্ৰৰ ভিত্তিত নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ দাবী  জনায়।

No comments