Breaking News

সংঘৰ্ষ, অগ্নিসংযোগঃ কলকাতাত বিজেপি বনাম তৃণমূল



কলকাতা আৰু বংগৰ কেইবাটাও অংশ মঙলবাৰে যুদ্ধক্ষেত্ৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। বিজেপি নেতা আৰু কৰ্মীসকলে তেওঁলোকৰ 'নাবান্না ওভিজান'ৰ সময়ত আৰক্ষীৰ সৈতে সৃষ্টি হয় সংঘৰ্ষৰ। বিজেপি কৰ্মীসকলে ৰাজ্যিক সচিবালয়লৈকে ৰাজ্যখনত শাসকীয় তৃণমূল কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদী সমদল প্ৰদৰ্শন কৰিছিল। উক্ত প্ৰতিবাদী সমমদলক বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে। ইয়াৰ পিচতে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় হতাহতিৰ। ফলত  কেইবাজনো বিজেপি নেতাৰ লগতে  আঘাতপ্ৰাপ্ত হয় একাধিক আৰক্ষী বিষয়া।

উল্লেখ্য যে সচিবালয়লৈ যাত্ৰাৰ সময়ত বংগ বিধানসভাৰ বিৰোধী দলপতি সুভেন্দু অধিকাৰী, সাংসদ লকেট চেটাৰ্জী, জ্যেষ্ঠ নেতা ৰাহুল সিনহা আৰু অন্যান্যসকলক আৰক্ষীয়ে আটক কৰে। অগ্নিমিত্ৰ পলকো হাওৰা ময়দানৰ এটা প্ৰতিবাদস্থলীৰ পৰা আটক কৰা হৈছে।

No comments