Breaking News

প্ৰাক্তন ছাত্ৰ নেতা, সুবক্তা মণিময় গোস্বামীৰ মৃত্যুত শোক



সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক তথা মঙ্গলদৈৰ নিবাসী  মণিময় গোস্বামীৰ দেওবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত গোস্বামীৰ বয়স আছিল ৪৪ বছৰ। গোস্বামীৰ অকাল বিয়োগত জন্মস্থান মঙ্গলদৈৰ লগতে সমগ্ৰ দৰং জিলাতে গভীৰ শোকৰ ছাঁ পৰে। 

 সম্ভাৱনা আৰু প্ৰতিভাধৰ গোস্বামীয়ে  মঙলদৈ ছাত্ৰ সন্থা আৰু সদৌ দৰং জিলা ছাত্ৰ সন্থাক বলিষ্ঠ নেতৃত্ব দি নিজৰ যোগ্যতা আৰু দক্ষতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছিল। সদায়ে মুখত এমকৰা হাঁহি লৈ ফুৰা, অতি অমায়িক মৰমীয়াল মণিময়ে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ সান্নিধ্য লাভ কৰা প্ৰতিজনেই তেওঁৰ ব্যক্তিত্বত অভিভূত হৈছিল আৰু সেয়ে মণিময়ে সকলোৰে মাজত প্ৰিয়ভাজন হ’বলৈ সক্ষম হৈছিল। গোস্বামী এইদৰে আকালতে হেৰাই যোৱাটো মঙলদৈ আৰু দৰংবাসীৰ বাবে এক অপৰণীয় ক্ষতি।



তেখেতৰ মৃত্যুত প্ৰাক্তন আছু নেতা তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে গভীৰ শোক প্ৰকাশ কৰিছে। গগৈয়ে তেখেতৰ স্মৃতি ৰোমন্থন কৰি উল্লেখ কৰিছে যে,সদৌ অসম ছাত্ৰ সন্থাত থকা সময়ছোৱাত মণিময় গোস্বামী ডাঙৰীয়াক এগৰাকী অগ্ৰজ সতীৰ্থ হিচাপে পাইছিলোঁ৷ তেখেতৰ সান্নিধ্যৰ স্মৃতি চিৰকাল সজীৱ হৈ ৰ’ব৷ এইগৰাকী সংগ্ৰামী সত্তাৰ বিয়োগ অসমৰ জাতীয় জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷



মৃত্যুৰ সময়ত মণিময় গোস্বামীয়ে গোলাঘাট আইন মহাবিদ্যালয়ৰ  অধ্যক্ষ, পত্নী ড০ ভূমিকা গোস্বামীসহ বহু আত্মীয়-স্বজনক  ইহসংসাৰত এৰি থৈ গৈছে। 

জননী লাইভেও গোস্বামীৰ অকাল বিয়োগত আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ লগতে শোক সন্তাপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ ।



No comments