Breaking News

তিনিচুকীয়াত অসম চাহ কৰ্মচাৰী সংঘৰ হীৰক জয়ন্তী অনুষ্ঠান সম্পন্নঃ



"চাহ উদ্যোগৰ প্ৰগতি আৰু কৰ্মচাৰীৰ সুৰক্ষিত ভৱিষ্যত নিৰ্মান"-এই শ্লগানেৰে অনুস্থিত হৈছে অসম চাহ কৰ্মচাৰী সংঘৰ ৭৫ সংখ্যক হীৰক জয়ন্তী অনুষ্ঠান। অসম চাহ কৰ্মচাৰী সংঘই সুদীৰ্ঘ ৭৫ বছৰীয়া ইতিহাস সংলগ্ন হীৰক জয়ন্তুীৰ কাৰ্যসৃচী ২০২২-২০২৩ বৰ্ষজোৰা কাৰ্যসূচীৰে সংঘৰ সমগ্ৰ অসমতে থকা ২০ টা শাখাই কেন্দ্ৰীয় সংঘৰ নেতৃত্বত অনুষ্ঠিত কৰিছে।তিনিচুকীয়াৰ পানীতোলা শাখা সংঘৰ উদ্যোগত , ৰঙাগড়া আৰু নলনী চাহ বাগিচা প্ৰাথমিক গোটৰ সহযোগত ডিব্ৰু নৈৰ পাৰৰ নলনী চাহ বাগিচাত যোৱা ১১ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যায়।৭৫ বছৰীয়া ঐতিহাসিক ক্ষনত নলনী চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত  ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোৱঁৰনীত গছপুলি ৰোপনেৰ শুভাৰম্ভ কৰে পৰিবেশ সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই।ইয়াৰ পূৰ্বে সংঘৰ পতাকা উত্তোলন কৰে  পানীতোলা শাখাৰ সভাপতি মনিৰাম গগৈ আৰু আইএনটিইউচিৰ পতাকা উত্তোলন কৰে পানীতোলা শাখাৰ সম্পাদক জয় চন্দ্ৰ শইকীয়া।উক্ত অনুষ্ঠানতে পানীতোলা শাখাৰ ২৫ খন চাহ বাগিছাৰ প্ৰতিনিধিসকলে নিজ নিজ বাগিছাৰ পতাকা উত্তোলন কৰে।স্মৃতি তৰ্পন কৰে নলনী চাহ বাগিছাৰ মুখ্য পৰিচালক প্ৰানজিত বৰুৱাই।স্মৃতি তৰ্পন স্থলীত সংঘৰ মহীৰূহ ব্যক্তিসকলৰ সোৱঁৰনত৭৫ গছি চাকি জ্বলাই বন্তি প্ৰজ্জ্বলন কৰি এক মিনিত সময় মৌনতা অৱলম্বন কৰা হয়।অসম চাহ কৰ্মচাৰী সংঘৰ পানীতোলা শাখাৰ প্ৰথম সভাপতি প্ৰয়াত যদুনাথ ভূঞা সোৱঁৰনী মঞ্চৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে স্থানীয় শিল্পীৰদ্বাৰা পৰিবেশিত দিহানামৰ জৰিয়তে।মনিৰাম গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্থানীয় শিল্পীসকলে সংঘৰ সমবেত সংগীতেৰে সভা আৰম্ভ হয়। সভাৰ উদ্দেশ্য ব্যাখা কৰে পানীতোলা শাখাৰ সম্পাদক জয় চন্দ্ৰ শইকীয়াই।ইয়াৰ পাছতে আদৰনী সমিতিৰ সভাপতি অমৰদ্বীপ তাছাই।সভাত মুখ্য অতিথিৰুপে উপস্থিত থাকি অসম চাহ কৰ্মচাৰী সংঘৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক ঋষভ কলিতাই নিজৰ ভাষনত- "অসমৰ চাহে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বজাৰত এক সুকীয়া স্থান দখল কৰি আছে 

।দেশে অৰ্জন কৰা মুঠ বিদেশী মুদ্ৰাৰ এটা বৃহৎ অংশ অসমৰ  চাহৰপৰা অহাটো আমাৰ বাবে অতি গৌৰৱৰ বিষয়"বুলি কয় ।সভাত চাবুৱা  টাটা হস্পিটালৰ জেষ্ঠ চিকিৎসক ডাঃ সৌৰভ বুঢ়াগোহাই নিৰ্দিষ্ট বক্তা, তিনিচুকীয়াৰ সহকাৰী শ্ৰম আয়ুক্ট ড° ভাস্কৰ মিলি, তিনিচুকীয়াৰ ভৱিষ্যনিধি আৰু বিত্তনিধি সংগঠনৰ আয়ুক্ট মমিনুল হুচেইন, ভৱিষ্যনিধি নিধি নিয়ন্ত্ৰন বিষয়া ৰাহুল চৌধুৰী, সংঘৰ কেন্দ্ৰীয় উপসভাপতি বিৰেন অধ্যাপক, কেন্দ্ৰীয় কোষাধক্ষ্য ৰাতুল কাকতি, কেন্দ্ৰীয় সম্পাদক হিতেন্দ্ৰ কুমাৰ বৰুৱা, সংঘৰ আইন উপদেষ্টা মুনীন্দ্ৰ নাথ কোৱঁৰ, অধিবক্তা অৰ্ণিবান দে, সংঘৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক লক্ষীন্দ্ৰ ৰাজখোৱাসহ ডুমডুমা, টিংৰাই, ডিব্ৰুগড় শাখাৰ প্ৰতিনিধি তথা পানীতোলা শাখাৰ প্ৰাক্তন সভাপতি, সদস্য আদি নিমন্ত্ৰীত অতিথিৰূপত উপস্থিত আছিল।সভাখন আঁত ধৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় পানীতোলা শাখাৰ সহকাৰী সম্পাদক অমৃত শৰ্মাই।

No comments