Breaking News

ক্ৰীড়া সন্থাৰ অধীনৰ খেলপথাৰ নিউ ফিল্ডলৈ চৰকাৰৰ অনীহা

 


ডিজিটেল সংবাদ,গোলাঘাট; ক্ৰীড়া সন্থাৰ অধীনৰ খেলপথাৰ নিউ ফিল্ডলৈ চৰকাৰৰ অনীহা। ১৯৫৩ চনতে স্থাপিত দেৰগাঁও ক্ৰীড়া সন্থাৰ অধীনৰ খেলপথাৰ নিউ ফিল্ডলৈ চৰকাৰ অনীহাৰ বাবেই আন্তঃগাঁথনিৰ অভাৱত পৰিছে এই ফিল্ড খন।এই ঐতিহাসিক ফিল্ড খনতেই বহু ৰাষ্ট্ৰীয়-তথা ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ খেল প্ৰদৰ্শন কৰি গৈছে,এই নিউ ফিল্ডতে অনুশীলন কৰি আৰক্ষী বিভাগত বহু জনে সফলতা অৰ্জন কৰিছে। দেৰগাঁৱৰ সচেতন ৰাইজ,ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল,আৰু তাত অনুশীলন কৰি থকা খেলুৱৈ সকলৰ এটাই দাবী চৰকাৰে যেন অতি সোনকালে কিছু আৰ্থিক অনুদান আগবঢ়াই নিউ ফিল্ডৰ আন্তঃগাঁথনি উন্নত কৰি তোলে।

No comments