Breaking News

বিশিষ্ট উদ্ভিদ বিজ্ঞানী, লোক-সংস্কৃতিৰ গৱেষক ড০ পদ্মেশ্বৰ গগৈলৈ জীৱনজোৰা সাধনা বঁটা

 


ডিজিটেল সংবাদ, গোলাঘাটঃ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে মঙ্গলবাৰে গোলাঘাট এমেচাৰ থিয়েটাৰ চছাইটিয়ে জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰে উদ্ভিদ বিজ্ঞানী, শিক্ষাবিদ ড০ পদ্মেশ্বৰ গগৈক। ছ’চাইটিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় ছ’চাইিটৰ এই সন্মান। বঁটা প্ৰদান অনুষ্ঠানত গোলাঘাটৰ বিশিষ্ট ব্যক্তি সকলৰ উপৰিও বিভিন্ন দল সংগঠন উপস্থিত থাকে।ছ’চাইটিৰ উপৰিও বঁটা প্ৰাপক ডঃ পদ্মেশ্বৰ গগৈক গোলাঘাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা,সদৌ অসম তাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি,উত্তৰ পূৰ্বাঞ্চলিয় সাংস্কৃতিক গোষ্ঠী,CPI আদি বিভিন্ন দল সংগঠনে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায়। উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই ড০ গগৈৰ সৈতে এক অন্তৰঙ্গ আলাপৰো অনুষ্ঠান অনুষ্ঠিত হয়।

উল্লেখ্য যে প্ৰতিবৰ্ষত ছ’চাইটিয়ে সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই অহা একোগৰাকীকৈ ব্যক্তিক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰি আহিছে

No comments