Breaking News

ধুবুৰী DEEO অফিচত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ছাডেন ভিজিট।

 


ধুবুৰী DEEO অফিচত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ছাডেন ভিজিট। 

জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত 11 বজাৰ পিছতো উপস্থিত নাই অধিকাংশ কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ নিৰ্দেশ।ধুবুৰী DEEO অফিচত অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ছাডেন ভিজিট। দিনৰ ১১ বজাৰ পিছতো কৰ্মচাৰী অনুপস্থিত খংত অগ্নিগৰ্ভা হৈ পৰে মন্ত্ৰী জন। আনহতে দীৰ্ঘদিনৰ পৰা কাৰ্যালয়খনৰ বহু কেইজন বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে উৎকচ লোৱাৰ অভিযোগ লাভ কৰিছিল মন্ত্ৰীয়ে।

ইয়াৰ বাবে শেষ বাৰৰ বাবে সকীয়ানি জিলা প্ৰাথমিক শিক্ষা বিষয়াক।দুৰ্নীতি গ্ৰস্থ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জিলা প্ৰাথমিক শিক্ষা বিষয়াক। পুৰ্বৰে পৰা কাৰ্য্যালয় টোৰ একাংশ বিষয়াই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ আছে বুলি ধমক মন্ত্ৰীৰ।

উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা জিলা শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ খেলিমেলিৰ বাবে ভৌগোলিক ভাবে দূৰ্গম অঞ্চলৰ বিদ্যালয়ৰ পৰা মহিলা শিক্ষক সকলক সদৰ স্থানলৈ আনিব পৰা যোৱা নাই। কাৰণ ধুবুৰী শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ এচাম বিষয়া কৰ্মচাৰীক মেনেজ কৰি এচাম শিক্ষকে এই সুবিধাৰ লাভ কৰি আছে। ইয়াৰ পৰিবৰ্তন কৰিব লাগিব আৰু মহিলা শিক্ষক সকলক সদৰলৈ অনাৰ ব্যৱস্থা কৰিব লাগিব।

আনহতে নৱ নিৰ্মিত ধুবুৰী মেডিকেল কলেজত মন্ত্ৰী গৰাকীয়ে উপস্থিত হৈ চিকিৎসক আৰু চিকিৎসা বিষয়াৰে মিটিং ত অংশগ্ৰহণ কৰে।উক্ত মিটিং ৰ পিছত মন্ত্ৰী গৰাকীয়ে কয় যে এইমাহৰ ভিতৰতে ঠিকাদাৰে চিকিৎসা মহাবিদ্যালয় কতৃপক্ষক সম্পূৰ্ণ হস্তান্তৰ কৰিব।

উল্লেখযোগ্য যে  অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দুদিনীয়া কাৰ্য্যসূচীৰে ধুবুৰীলৈ আহি কেইবাখনো সভাত অংশগ্ৰহণ কৰে।

No comments